ashomiyapatrika.com

আৰক্ষী কৰৰ বিৰুদ্ধে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত গৰজিল সন্মিলিত বিৰোধী

0 33

বিলাসিতাৰে উদং কৰা ৰাজকোষৰ ঘাটি পূৰাবলৈ হিমন্ত চৰকাৰে আৰোপ কৰিছে কৰঃ হেলিকপ্টাৰত ৫৪ কোটি, বিজ্ঞাপনত দুশ কোটি ব্যয়

গুৱাহাটীঃ জনসেৱাৰ নামত জনতাৰ ওপৰত পুনৰ আন কিছুমান কৰ জাপি দিয়া ৰাজ্য চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠিল ৰাজ্যৰ বিৰোধী দলসমূহ৷ বিজেপি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ লক্ষ্যেৰে ইতিপূৰ্বে গঠন হোৱা ১৫টা বিৰোধী ৰাজনৈতিক দলৰ সন্মিলিত গোট বিৰোধী ঐক্যমঞ্চই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ নিকটৱৰ্তী লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালনেৰে আৰক্ষী কৰৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়কেইটা দলৰ শীৰ্ষ নেতৃবৃন্দ আৰু কৰ্মীসকলে ভাগ লোৱা এই ধৰ্মঘট কাৰ্যসূচীত সাংসদ অজিত কুমাৰ ভূঞা আৰু প্ৰদ্যুত বৰদলৈ, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা

গোস্বামী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰাক্তন সাংসদ তথা তৃণমূল কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, প্ৰবীন বাঁওপন্থী নেতাদ্বয় হেমেন দাস আৰু মুনীন মহন্ত, এন চি পি দলৰ ৰাজ্যিক সম্পাদক পৰেশ বৰুৱা, আম আদমি পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকা, ৰাইজৰ দলৰ ৰাজ্যিক সহ: সম্পাদক প্ৰদীপ বৰা আৰু চি পি আই (এম এল) দলৰ নৰেন বৰাই ভাষণ দি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰে৷ উল্লেখযোগ্য যে মূল্যবৃদ্ধিত জৰ্জৰিত ৰাজ্যখনৰ প্ৰায় প্ৰতিটো খণ্ডতে বিভিন্ন ধৰণৰ কৰা তথা জৰিমনা আদি আৰোপ কৰি জনতাক ব্যতিব্যস্ত কৰি তোলা ৰাজ্য চৰকাৰে শেহতীয়াভাৱে আৰক্ষীৰ

জৰিয়তে জনসেৱা সুচল কৰাৰ নামত কিছুমান নতুন মাচুল আৰোপ কৰি জনসাধাৰণৰ ওপৰত আন এক কৰৰ বোজা দিয়াক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ উক্ত জনবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত তথা উক্ত কৰ প্ৰত্যাহাৰৰ দাবীত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ নিকটৱৰ্তী এন চি পি দলৰ মহানগৰ কাৰ্যালয় চৌহদ লক্ষীধৰ বৰা ক্ষেত্ৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ আয়োজন কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে প্ৰতিবাদী কাৰ্য্যসূচীটোৰ আঁত ধৰি নিজৰ উদ্দেশ্য ব্যাখ্যাত কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ ঋণ কৰি ঘিঁও খোৱা নীতিৰ বাবেই সম্প্ৰতি

ৰাজকোষ উদং হৈ পৰিছে আৰু সেই ঘাটিৰ জোৰা মাৰিবলৈ চৰকাৰে এটাৰ পাচত এটাকৈ কৰ আৰোপৰ কৌশল লৈছে৷ তেওঁ কয় যে যি ৰাজ্যৰ জনসাদাৰণৰ দুবেলা দুমুঠি যোগাৰ কৰাটো কষ্টকৰ, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে বিয়া খাবলৈ যাওঁতেও হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ ফলত ৰাজকোষ এতিয়া উদং হৈ পৰিছে৷ ৰাজ্য চৰকাৰখনে হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড প্লাইটৰ ভাৰাৰ বাবত ২০২১-২২ বিত্ত বৰ্ষত ২০ কোটি আৰু ২০২২-২৩ বৰ্ষত ৩৪•১৩ কোটি টকা খৰচ কৰিছে৷ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জলজীৱনৰ স্কীম উদ্বোধন কৰিবলৈ যাওঁতে হেলিকপ্টাৰ লৈ যায়৷ বাতৰি


কাকত আৰু টিভি চেনেলত বিজ্ঞাপন দিয়াৰ বাবত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা মাত্ৰ আঢ়ৈ বছৰত ২০০ কোটিতকৈ অধিক টকা খৰচ কৰিছে৷ নিজৰ চৰকাৰৰ ঢাক-ঢোল বজাবলৈ সৰ্বানন্দ সোণোৱাল চৰৰকাৰে ৫ বছৰত বিজ্ঞাপনত খৰচ কৰিছিল ১২৫•৬০ কোটি টকা খৰচ কৰাৰ বিপৰীতে হিমন্ত চৰকাৰে ২০২১ আৰু ২০২২ মাত্ৰ দুটা বছৰত খৰচ কৰে ১৩০•৫৯ কোটি টকা৷ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ ৰাজ্যৰ বাহিৰত কৰিবলৈ India Today সহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো লাখে লাখে টকা দিয়াৰ তথ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ তেনে এটা তথ্য মতে, যোৱা বছৰ India Todayক ৰাজ্য চৰকাৰে দহ লাখ টকা আদায় দিয়ে৷ গুৱাহাটীৰ বাহিৰত যে কেবিনেট মিটিং


পতাৰ বাবত কোটি কোটি টকা খৰচ কৰাৰ কাৰণ কি বুলি প্ৰশ্ন কৰি গগৈয়ে কয় যে দিছপুৰৰ পৰা মাত্ৰ ৩ কি: মি: দূৰত্বত অৱস্থিত গান্ধী মণ্ডপত কেবিনেট পাতোতে খৰচ কৰিছে ২১•৭৯ লাখ টকা৷ যোৰহাট, শিলচৰ, ডিমা হাচাও, কোকৰাঝাৰ, বঙাইগাঁও, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড় আৰু কামৰূপত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ ৯ খন বৈঠকৰ বাবে চৰকাৰে খৰচ কৰিছে ৩,৬৮,৩০,১১৬ কোটি টকা। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত এশ কোটি টকা খৰচ কৰিছিল৷ বিহু নৃত্য, অমৃত বৃক্ষ, অমৃত কলহ, বাইচাইকেল, স্কুটি বিতৰন, ক্ষুদ্ৰ ঋন মাফ আদি কাৰ্যসূচীৰ অস্থায়ী পেণ্ডেল নিৰ্মাণৰ নামত কোটি কোটি খৰচ আদি বাহুল্য কামৰ জৰিয়তে অবাবত

চৰকাৰী ধন খৰচ কৰি ৰাজকোষ খালী কৰি পেলোৱাটো ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীজনৰ ভুল নীতিৰ ফল বুলি গগৈয়ে মত প্ৰকাশ কৰে৷ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে ইতিহাস সাক্ষী, যেতিয়াই চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণ ৰাজপথত নামিছে, তেতিয়াই সেই চৰকাৰৰ পতন হৈছে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক কৰ, হেলিকপ্টাৰ আৰু এনকাউন্টাৰৰ চৰকাৰ আখ্যায়িত কৰি ভূঞাই কয় যে কৰ বৃদ্ধি কৰি চৰকাৰে তাক মাচুল বুলি কৈছে৷ তাৰ মানে কৰ হ’লে টকা দিব লাগে আৰু মাচুল হ’লে দিব নালাগে নেকি৷ কৰক মাচুল আখ্যা দিয়াটো চৰকাৰৰ আন এটা জীয়া ফাঁকি বুলি উল্লেখ কৰি ভূঞাই কয় যে এইখন চৰকাৰৰ দৰে বাকী আৰু ফাঁকিত চলা

চৰকাৰ দেশৰ আন কোনো ৰাজ্যত পাবলৈ নাই৷ চি পি আই (এম) দলৰ বয়োজ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়ক হেমেন দাসে কয় যিটো দলৰ চৰকাৰে চিৰা মুৰিৰ দৰে দুখীয়াৰ প্ৰিয় খাদ্যতো জি এছ টি লগাব পাৰে, সেই দৱৰ অসম চৰকাৰৰ পৰা ইয়াতকৈ বেছি কি আশা কৰিব পাৰি৷ গতিকে চৰকাৰৰ এনে ধৰণৰ গণবিৰোধী কাৰ্যৰ প্ৰতিবাদ ৰাজ্যৰ সকলো অঞ্চলতে কৰিব লাগে বুলি দাসে মত প্ৰকাশ কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে পোনপটীয়াকৈ ৰাজ্যৰ মুক্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে এইজন মুখ্যমন্ত্ৰীয়ে কাৰো কথা নুশুনে, কাৰো পৰামৰ্শ নলয়, নিজৰ ইচ্ছাৰে একনায়কত্ববাদী নীতিৰে চৰকাৰ চলাই আছে৷ সেই

কাৰণে জনসাধাৰণৰ পৰা টকা তোলাৰ কামত আৰক্ষীক ব্যৱহাৰ কৰিছে৷ মুখ্যমন্ত্ৰীজনে তেলিৰ মুৰত তেল দি ধনী মানুহক সহায় কৰে আৰু গৰীবক টেঁটু চেপা দিয়ে বুলি মত প্ৰকাশ কৰি গোস্বামীয়ে কয় যে ৰাজকোষৰ ঘাটী পূৰাবলৈ তেওঁ নতুন নতুন কৰ আৰোপ কৰিছে ঠিকেই, কিন্তু লিডু-মাৰ্ঘেৰিটাকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত অবৈধ কয়লাৰ চিণ্ডিকেট পাতি কোটি কোটি টকাৰ ৰাজহ ফাঁকি দিয়াৰ বিষয়টোত মৌন হৈ আছে৷ মুখ্যমন্ত্ৰীজনে বহিঃৰাজ্যলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কিমান টকা খৰচ কৰিছে আৰু সেই টকা কোনটো উৎসৰ পৰা আহিছে সেয়া শ্বেতপত্ৰৰ জৰিয়তে ৰাজহুৱা কৰিবলৈ গোস্বামীয়ে দাবী জনায়৷ প্ৰাক্তন সাংসদ তথা তৃণমূল

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই চানক্যৰ উদ্ধৃতি দি কয় যে ৰজা যেতিয়া বেপাৰী হয়, তেতিয়া প্ৰজা ভিক্ষাৰী হয়৷ আমীৰ চৰকাৰৰ মুৰব্বী অৰ্থাৎ মুখ্যমন্ত্ৰীজনৰ বেপাৰীসুলভ নীতিৰ বাবেই ৰাজ্যৰ আৰ্থ-সামাজিক অৱস্থাৰ অধোগতি হৈছে বুলি বৰাই মত প্ৰকাশ কৰে৷ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও নিজৰ ভাষণত কয়লা চিণ্ডিকেটৰ কথা উল্লেখ কৰি কয় যে লিডু-মাৰ্ঘেৰিটাৰ পৰা দৈনিক গড়ে ৭০০ কয়লাৰ ট্ৰাক ওৱাই যায় আৰু প্ৰতিখন ট্ৰাকৰ পৰা একৰ পৰাডেৰ লাখলৈকে টকা চিণ্ডিকেটৰ ধন হিচাপে আদায় কৰা হয়৷ উক্ত দুস্কাৰ্য দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংঘটিত হৈ অহা বুলি উল্লেখ কৰি বৰদলৈয়ে কয় যে সেই টকাখিনি ৰাজকোষত জমা হোৱা হ’লেও ৰাইজৰ ওপৰত নতুনকৈ কৰ আৰোপ কৰাৰ প্ৰয়োজন নহ’লহেতেন৷

Leave A Reply

Your email address will not be published.