ashomiyapatrika.com

অসম প্ৰকাশন পৰিষদ বঁটা-২০২৩ বঁটা প্ৰাপক নিৰ্বাচনৰ প্ৰস্তুতিঃ গ্ৰন্থ লেখকৰ বাবে ৫ লাখ টকা আৰু প্ৰকাশকৰ বাবে ৩ লাখ টকা ঘোষণা

0 29

গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদৰ ২০২৩ চনৰ লেখক আৰু প্ৰকাশকৰ বাৰ্ষিক বঁটা নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰ প্ৰেৰণৰ বাবে আনুষ্ঠানিক ঘোষণা কৰা হৈছে। অসম প্ৰকাশন পৰিষদে এই বঁটাৰ প্ৰাপক নিৰ্বাচনৰ  বাবে  লেখক আৰু প্ৰকাশকৰ পৰা ২০২০চনৰ ১ জানুৱাৰীৰ পৰা ২০২২চনৰ ৩১ জানুৱাৰীৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্য গ্ৰন্থৰ সবিশেষ তথ্য বিচাৰিছে। পৰিষদৰ  ৱেব ছাইট www.publicationboardassam.comত ইতিমধ্যে এই বঁটা নিৰ্বাচনৰ ক্ষেত্ৰত  প্ৰয়োজনীয়  তথ্য প্ৰেৰণৰ  বাবে প্ৰ-পত্ৰ সকলোৰে কাৰণে উপলব্ধ হোৱাকৈ ৰখা হৈছে। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে

প্ৰকাশন পৰিষদ সাহিত্য বটাঁ-২০২৩ ৰ বাবে গ্ৰন্থৰ লেখকক পাঁচ লাখ টকা আৰু প্ৰকাশকক তিনি লাখ টকাৰ লগতে মান পত্ৰ  প্ৰদান কৰা হ’ব। ২০২০ চনৰ ১জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত গল্প, উপন্যাস, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক নতুবা  প্ৰকাশকৰ যিকোনো এগৰাকীয়ে এই বঁটাৰ বাবে প্ৰপত্ৰ প্ৰয়োজনীয় তথ্যৰে পূৰণ কৰি প্ৰ-পত্ৰ প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ চাৰিটা কপি অহা ১০ডিচেম্বৰৰ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্ৰ-পত্ৰ ই-মেইল যোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগে প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ চাৰিটা কপি অহা ১০ ডিচেম্বৰ, ২০২৩ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব


  লাগিব। প্ৰ-পত্ৰ প্ৰেৰণৰ ডাক ঠিকনা: সচিব, অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১, ই- মেইলঃ assampublicationboard@gmail.com৷ বিগত বছৰৰ দৰে এই বছৰো গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত হ’বলগীয়া ‘অসম গ্ৰন্থমেলা’ত এই বঁটা প্ৰদান কৰা হ’ব। এই বটাঁৰ বাবে  মনোনীত হোৱা লেখক আৰু প্ৰকাশকৰ নাম গুৱাহাটীৰ ‘অসম গ্ৰন্থমেলা’ আৰম্ভ হোৱাৰ আগমুহূৰ্তত ঘোষণা কৰা হ’ব।

Leave A Reply

Your email address will not be published.