বকোত সদৌ অসম শংকৰ – মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ নামৰ কৰ্মশালা সম্পন্নঃ পোন্ধৰ শ আই মাতৃয়ে জুৰিলে নাম
বকোঃ সদৌ অসম শংকৰ – মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ সহযোগত আৰু দক্ষিণ কামৰূপ জিলা উপ সমিতিৰ উদ্যোগত বিশ্ব অভিলেখৰ বাবে দিহানামৰ কৰ্মশালা বকোত অনুষ্ঠিত হয়। উল্লেখ্য যে ৰাজ্যৰ ষাঠি হাজাৰ নামতিক লৈ বিশ্ব অভিলেখ গঢ়িবলৈ সদৌ অসম শংকৰ – মাধৱ সাংস্কৃতিক দিহানাম সমিতিয়ে আজি কামৰূপ জিলাৰ বকোস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজন কৰে নামৰ কৰ্মশালা খন। দক্ষিণ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী গীতা চৌধুৰী আৰু সাধাৰণ সম্পাদিকা নিৰুপমা মেধিয়ে জনোৱা মতে মুঠ পোন্ধৰ শ মহিলাৰ ৯০ টা আই মাতৃৰ নামতি দলে
কৰ্মশালাত অংশগ্ৰহণ কৰে। ইফালে জনবহুল আই মাতৃ সমাজৰ নামৰ কৰ্মশালাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে সদৌ অসম দিহানাম সমিতিৰ সভাপতি গণেশ দাস, সম্পাদিকা প্ৰতিভা খনিকৰকে ধৰি কেৱাজনো শিল্পী। অনুস্থানত অতিথি হিচাপে উপস্থিত থাকে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, কামৰূপ জিলা পৰিষদৰ উপাধ্যক্ষ কাম্বু ৰাম ৰাভা, দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি অঞ্জন গোস্বামী, বকোৰ বিশিষ্ট সমাজ কৰ্মী পঞ্চানন মেধিকে ধৰি বহু কেইজন অতিথি।