বকোত নিখিল ৰাভা জাতীয় পৰিষদৰ ‘জন জাগৰণ সভা’ সমাপনঃ ৰাভা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ লক্ষ্যত সংগ্ৰাম অব্যাহত
বকোঃ নিখিল ৰাভা জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ সহযোগত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ উদ্যোগত আজি জন জাগৰণ সভা অনুষ্ঠিত হয়। বকো – বনগাঁও আঞ্চলিক সমিতিৰ কাৰ্য্যালয়ৰ প্ৰাংগনত কেৱা শতাধিক ৰাভা জনগোষ্ঠীৰ নেতৃবৃন্দৰ উপস্থিতিত আয়োজন কৰা হয় জন জাগৰণ সভা খন। বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সভাপতি উপেন চন্দ্ৰ ৰাভাৰ সঞ্চালনাত আয়োজন কৰা জন জাগৰণ সভাত ৰাভা জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ ওপৰত আলোকপাত কৰা হয়। সভাত নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সম্পাদক গোবিন্দ ৰাভাই জাতীয়
পৰিষদৰ জন জাগৰণ সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। সভাত কামৰূপ জিলা সমিতিৰ সভাপতি ভীষ্মদেৱ ৰাভা আৰু সম্পাদক বুদ্ধেশ্বৰ ৰাভাই জনোৱা মতে জন জাগৰণ সভাৰ জৰিয়তে সমগ্ৰ ৰাভা জনগোষ্ঠীৰ শৈক্ষিক, অৰ্থনৈতিক, আৰ্থসামাজিক আৰু সাংস্কৃতিক দিশ উত্তোৰণ ঘটোৱা হ’ব। ইফালে আঞ্চলিক সমিতিৰ সম্পাদক কৰ্ণধৰ ৰাভাই জনোৱা মতে আজিৰ জন জাগৰণ সভাত প্ৰায় ছাঠি খন গাওঁৰ ৰাভা ৰাইজে অংশগ্ৰহণ কৰে।জন জাগৰণ সভাত নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ, দক্ষিণ কামৰূপ জিলা সমিতিৰ আৰু আঞ্চলিক সমিতিৰ বিষয় ববীয়াৰ উপৰিও কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ আৰু অন্যান্য পদবীধাৰী নেতৃত্ববৃন্দ উপস্থিত থাকে।