বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ তৃতীয় সংখ্যক কাৰ্য্যকৰী সভা সম্পন্নঃ মূল সমিতি আৰু উপ সমিতিৰ ফটো সহ চিনাকি পৰ্ব
বকোঃ বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বৰ্ষৰ কেন্দ্ৰীয় অধিবেশন খন এই বেলি কামৰূপ জিলাৰ বকোস্থিত গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ প্ৰস্তূতি চলিছে। ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ ১৯, ২০ আৰু ২১ তাৰিখে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সাহিত্য সভাৰ অধিৱেশন খন। আজি অধিবেশনৰ আদৰণি সমিতিৰ তৃতীয় খন কাৰ্য্যকৰী সভা বকো হাইস্কুলৰ সভাকক্ষত অনুষ্ঠিত হয়। ইতিমধ্যে গঠন হোৱা আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰীয়ে আত ধৰা সভাত কাৰ্য্যকৰী সভাপতি নগৰমল স্বৰ্গীয়াৰীয়ে পৌৰহিত্য কৰে। সভাত অধিবেশনৰ প্ৰস্তূতি সন্দৰ্ভত সকলো যাৱতীয় ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে আৰু
মুল সমিতিৰ লগতে উপ সমিতি সমুহৰ বিষয় ববীয়াৰ ফটো তোলা পৰ্ব সমাপন কৰে।বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ বিভিন্ন দিশৰ উপৰিও উপ সমিতি সমুহৰ অগ্ৰগতি সম্পৰ্কে, অধিবেশনৰ মুখ্য তোৰণ, ৰভা, মঞ্চ, অতিথিশালা, ভোজনালয়, প্ৰদৰ্শনী, প্ৰতিনিধি সভাকক্ষ, স্বেচ্ছাসেৱক – স্বেচ্ছাসেৱী চাউনী, সাংস্কৃতিক সন্ধিয়াৰ মঞ্চৰ কাৰ্য্যসুচীকে ধৰি সকলো যা যোগাৰৰ বিষয়ে আলোচনা কৰা হয়। ইফালে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা সহ প্ৰায় তিনি শতাধিক বিষয় ববীয়া উপস্থিত থকা সভাত বিত্ত বিভাগৰ লগতে অধিবেশনৰ মুকলি সভাৰ বিশিষ্ট অতিথিৰ বিষয়েও আলোচনা কৰা হয়। সভাত অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া জ্যেষ্ঠ্য সমাজ কৰ্মী
কেশৱ চন্দ্ৰ ৰাভা, কামৰূপ জিলা পৰিষদৰ উপাধ্যক্ষ কাম্বু ৰাম ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, জ্যোষ্ঠ্য বড়ো জাতীয় নেতা প্ৰফুল্ল কুমাৰ বড়ো, ৰাভা জনগোষ্ঠীৰ জাতীয় কৰ্মী ৰমেন সিং ৰাভা, বিশিষ্ট নাগৰিক লক্ষ্মীকান্ত শৰ্মা আদিকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইফালে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ লগত সংগতি ৰাখি এখনি অতি উচ্চ মানৰ বহুভাষিক স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে প্ৰকাশক সমিতিৰ সাধাৰণ সম্পাদক অঞ্চুমা খুংগুৰ বডোচাই।