ashomiyapatrika.com

ছয়গাঁৱৰ আদৰ্শ কৃষক কমলা কান্ত দাসক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা জ্ঞাপন

0 40

গুৱাহাটীঃ কামৰূপ জিলাৰ ছয়গাঁৱ অঞ্চলৰ নোৱাপাৰাৰ বাসিন্দা ৮৫ বৰ্ষীয়া এগৰাকী সৎ, আদৰ্শবান কৃষক, আজিও খেতিপথাৰত নাঙলৰ মুঠিত ধৰা, একালৰ দক্ষ কৃষক নেতা কমলা কান্ত দাসক নিজ বাসগৃহত আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ সচেতন মঞ্চৰ‌ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসে আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ লৈ মঞ্চৰ‌ উপদেষ্টা দীপক শৰ্মাই কয়- “যিয়ে মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰে, তেওঁলোকক বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰশাসন, চৰকাৰে চিনাক্ত কৰি যথোপযুক্ত সন্মান দিব লাগে। আজিকোপতি ৮৫ বৰ্ষীয়া কমলা কান্ত দাসে বৃদ্ধ পেঞ্চন, ৰাজ্য চৰকাৰৰ কৃষক সন্মান নোপোৱাটো

দুৰ্ভাগ্যজনক৷ আমি আশা কৰোঁ এই চৰকাৰে কমলা কান্ত দাসক যথাযোগ্য সন্মান কৰিব৷ মঞ্চৰ‌ অধ্যক্ষ মদন দাসে কৃষক দাসৰ কৃষক জীৱনৰ বিষয়ে আলোচনা কৰি তেওঁৰ কৃষি কৰা পদ্ধতিৰ বিজ্ঞানসন্মত ধাৰণাৰ আলোকপাত কৰে৷ উল্লেখ থাকে যে নন্দেশ্বৰ তালুকদাৰ, উমাকান্ত শৰ্মা, হৰেশ্বৰ দাস, সূৰ্যকান্ত কলিতা, মাখন শালৈ, দেবেন চৌধুৰী, হৰেণ বড়া, ডাঃ গিৰিশ বৰুৱা, শিৱচৰণ কলিতা আদিৰ স’তে একেলগে কৃষক সভাৰ কাম-কাজ কৰিছিল। কৃষকৰ সমস্যাৰ বাবে ১৯৬৭ চনৰ পৰা ১৯৯২ চনলৈ কৃষক সভাৰ জড়িয়তে অহৰহ অনেক কাম কৰি সমগ্ৰ কামৰূপ জিলাৰ লগতে ৰাজ্যৰ ভিন-ভিন প্ৰান্তলৈ কৃষকৰ মাজত সচেতনতা আনিবলৈ

সভা-সমিতিলৈ গৈছিল৷ বৰ্ষীয়ান কৃষক কমলা কান্ত দাসে অতি আবেগেৰে কয়- ‘আজিও মই খেতিপথাৰত নাঙলৰ মুঠিত ধৰি আছোঁ৷ পথাৰত মৈয়াই থাকো৷’ দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ প্ৰদক্ষেপক আদৰণি জনায়৷

Leave A Reply

Your email address will not be published.