ashomiyapatrika.com

সন্মান কানেকচনৰ সজাগতা সভাঃ ‘আমাৰ পানী আমাৰ ভৱিষ্যত’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা

0 45

বকোঃ চেন্টাৰ ফৰ মাইক্ৰফাইনেঞ্চ এণ্ড লাইভলিহুড (চি এম এল)ৰ টাটা ট্ৰাষ্টৰ উদ্যোগত কামৰূপ জিলাৰ বকোত চৰকাৰৰ জল জীৱন মিছনৰ লগত সংগতি ৰাখি সন্মান কানেকচনৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। জল জীৱন মিছনৰ জৰিয়তে জনসাধাৰণৰ উপকাৰৰ ওপৰত ভিত্তি কৰি সন্মান কানেকচন সম্পৰ্কে বকোস্থিত নৱোদয় হাইস্কুলত আজি আয়োজন কৰে এক বিশেষ সজাগতাৰ কাৰ্য্যসুচী। আজিৰ সজাগতা সভাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত ‘আমাৰ পানী আমাৰ ভৱিষ্যত’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে। অনুস্থানত চি এম এল টাটা ট্ৰাষ্টৰ বিষয় ববীয়া সকলে নৱোদয় হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰ সক্ষযোগত জল

জীৱন মিছনৰ আঁচনিৰ জৰিয়তে সন্মান কানেকচনৰ ওপৰত গুণগত আলোচনা, পানী পৰীক্ষা আৰু ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। ইফালে চিত্ৰাংকন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ অতি উৎসাহজনক আছিল বুলি জানিব দিয়ে চি এম এলৰ প্ৰকল্প বিষয়া সঞ্জীৱ দাসে।সভাত সন্মান কানেকচনৰ জৰিয়তে পৰিস্কাৰ পৰিচ্ছন্নতা, সু-স্বাস্থ্য; সময়ৰ ৰাহি আৰু গাওঁৰ সন্মানৰ লগতে মহিলা সাৱলীকৰণৰ বিষয়ে শিক্ষাৰ্থী সকলোক অৱগত কৰোৱা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ পানী পৰীক্ষা কৰি তাৰ ফলাফল সমুহ ছাত্ৰ ছাত্ৰীৰ মাজত দাঙি ধৰাৰ লগতে বিশুদ্ধ পানীৰ ব্যৱহাৰৰ ওপৰতো সজাগ হোৱাৰ আহ্বান জনায়। আজিৰ

সজাগতা সভা খন সঞ্চালনা কৰে চি এম এল টাটা ট্ৰাষ্টৰ বিষয়া মিঠিলেশ কৃষ্ণাট্ৰেয়ে আৰু সহযোগ কৰে কল্পনা ৰাভা আৰু কাৰ্তিক বড়োই। সকলো কাৰ্য্যসুচীতে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে সহযোগ আগবঢ়ায়৷

Leave A Reply

Your email address will not be published.