ashomiyapatrika.com

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত অসমৰ ৰাজ্যপালঃ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

0 29

ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিলে গোলাব চান্দ কাটাৰীয়াইঃ ডাঃ ভবেন চৌধুৰী

গুৱাহাটীঃ এখন ৰাজ্যৰ ৰাজ্যপাল গৰাকী সাংবিধানিক মুৰব্বী৷ ৰাজনীতিৰ উৰ্দ্ধত থাকি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যখনত সংবিধান ৰক্ষাৰ দ্বায়িত্ব ৰাজ্যপালৰ৷ কিন্তু সকলোৰে চকু কপালত উঠাই অসমৰ ৰাজ্যপালে ৰাজস্থানৰ উদয়পুৰত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ আজি আম আদমি পাৰ্টীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অসমৰ ৰাজ্যপাল গৰাকীৰ পদত্যাগৰ দাবী কৰি কয় যে ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিলে গোলাব চান্দ কাটাৰীয়া ডাঙৰীয়াই৷ সংবিধান ৰক্ষাৰ দ্বায়িত্বত থকা গৰাকীয়েই সংবিধান বিৰোধী কৰ্মত লিপ্ত হৈছে৷ ভাৰতবৰ্ষৰ ৰাজনীতিত

নোহোৱা নোপোজা এক পৰিঘটনাৰে কালিমা সানিলে ৰাজ্যপাল গৰাকীয়ে৷ ইয়াৰ আগতেও বিজেপিৰ হৈ নিৰ্বাচনত অবতীৰ্ণ হ’বৰ বাবে মিজোৰামৰ তেতিয়াৰ ৰাজ্যপাল কুম্মানম্‌ ৰজাশেখৰণ প্ৰস্তুতি চলাইছিল যদিও ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতে ৰাজ্যপাল পদবীৰ পৰা পদত্যাগ কৰিহে নিৰ্বাচনত নামি পৰিছিল৷ কিন্তু ১৫৩ নং উদয়পুৰ বিধানসভাৰ টাৰাচান্দ্‌ জৈনৰ হৈ পোনপটীয়াকৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিল অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া৷ ডাঃ চৌধুৰীয়ে জানিবলৈ দিয়া মতে আপ অসমে ৰাজ্যপাল গৰাকীৰ এই নীতিবিৰুদ্ধ কৰ্মৰ ন্যায় বিচাৰি ভাৰতৰ নিৰ্বাচনী

আয়োগলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিব৷ সমগ্ৰ দেশজুৰি সংবিধান বিৰোধী, দেশ আৰু জাতি বিৰোধী কৰ্মত লিপ্ত হোৱা গণবৈৰী বিজেপিকো সকীয়াই ডাঃ ভবেন চৌধুৰীয়ে কয় যে বুৰঞ্জী সাক্ষী আছে, ক্ষমতাত বলীয়ান হৈ জনতা বিৰোধী কাৰ্যত লিপ্ত হোৱা ভন্দ শাসকৰ নগ্ন স্বৰুপ সৰ্বসাধাৰণেই উদঙাই দিব৷

Leave A Reply

Your email address will not be published.