ashomiyapatrika.com

আয়ুষ মন্ত্ৰালয়ে ‘আয়ুৰ্বিদ্যা’কে ধৰি বিভিন্ন কাৰ্যক্ৰমৰ দ্বাৰা শিশুসকলৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰি আহিছেঃ সৰ্বানন্দ সোণোৱাল

0 26

সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতাত ১,৪০০ৰো অধিক শিশু প্ৰতিযোগীৰ অংশগ্ৰহণ

গুৱাহাটীঃ ‘শিশু দিৱস’ৰ শুভ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কণমানিহঁতৰ সৈতে কিছু সুন্দৰ মুহূৰ্ত অতিবাহিত কৰি তেওঁলোকক উৎসাহিত কৰে। গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে কলাক্ষেত্ৰত আয়োজিত সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ চূড়ান্ত নাট্যশ্লাঘ্য অনুষ্ঠানৰ আজি শুভ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ তথা উপস্থিত নাট্যপ্ৰেমী ৰাইজক সম্বোধন কৰে আৰু শিশুসকলৰ প্ৰতিভা বিকাশৰ দিশত গ্ৰহণ কৰি অহা নিৰৱচ্ছিন্ন ভূমিকাৰ বাবে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ শলাগ লয়। অনুষ্ঠানটিত লগতে উপস্থিত থাকে গুৱাহাটী

শিশু নাট্য বিদ্যালয়ৰ মুখ্য উপদেষ্টা দিলীপ বৰা, অন্যতম উপদেষ্টা বন্দিতা ফুকন, সভাপতি হৃষীকেশ গোস্বামী আৰু উপ-সভাপতি ডাঃ হিতেশ বৰুৱা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, ‘১৯৯৮ চনত স্থাপন হোৱাৰ পৰাই গুৱাহাটী শিশু নাট্য বিদ্যালয়ে শিশুসকলৰ প্ৰতিভাসমূহ পোহৰলৈ অনাৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে। বিদ্যালয়খনৰ উদ্যোগত শেহতীয়াকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত শিশু নাট প্ৰতিযোগিতাত ১,৪০০ৰো অধিক শিশু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাটো অত্যন্ত উৎসাহজনক বতৰা। এনেধৰণৰ শিশু নাট প্ৰতিযোগিতাই কণমানিহঁতৰ মানসিক আৰু সাংস্কৃতিক উৎকৰ্ষ সাধনৰ লগতে এখন

সৰ্বাংগসুন্দৰ সমাজ গঢ়াত অৰিহণা যোগাব বুলি আমি দৃঢ় বিশ্বাসী।’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘শিশুসকল হৈছে দেশৰ ভৱিষ্যতৰ ধ্বজাবাহক। তেওঁলোকে ভৱিষ্যতে একো একোগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হৈ দেশৰ নেতৃত্ব বহন কৰিব। সেয়ে তেওঁলোকৰ সৰ্বাঙ্গীণ বিকাশ সাধনৰ লগতে মানসিক আৰু সাংস্কৃতিক বিকাশ সাধনত গুৰুত্ব দিয়াটো আমাৰ সমূহীয়া কৰ্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আমাৰ চৰকাৰে শিশুসকলৰ কল্যাণ সাধনৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। পোষণ অভিযানৰ জৰিয়তে শিশু আৰু মাতৃসকলৰ পৰিপুষ্টি তথা সবলীকৰণত গুৰুত্ব দিয়া হৈছে। তদুপৰি, আমাৰ আয়ুষ মন্ত্ৰালয়েও ‘আয়ুৰ্বিদ্যা’কে ধৰি বিভিন্ন কাৰ্যক্ৰমৰ দ্বাৰা

শিশুসকলৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰি আহিছে। তদুপৰি শিশুসকলৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিত বৈচিত্ৰময় শৈক্ষিক দিশ আৰু বিষয়বস্তুৰ অৱতাৰণা কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলে সৰুৰে পৰাই বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত খাপ খুৱাই নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে আৰু বিভিন্ন ক্ষেত্ৰত আগুৱাই যাব পাৰে৷’ সোণোৱালে লগতে কয়, ‘সংস্কাৰ, সংস্কৃতি আৰু সৰলতা আমি শিশুসকলৰ মাজত সৰুৰে পৰাই বিকশিত কৰিব লাগিব। তেওঁলোকক মানৱতাবোধ আৰু মূল্যবোধৰ শিক্ষা দিব লাগিব। ময়ো এসময়ত শিশু আছিলোঁ। বোকা- পানীৰে উমলা শৈশৱৰ সেই মধুৰ দিনবোৰ আজিও মনত

সজীৱ হৈ আছে। সীমিত সুবিধাৰ মাজত আমি ডাঙৰ হৈছিলোঁ যদিও তাহানিৰ সমাজখনৰ মূল্যবোধ আৰু মানৱীয় প্ৰমূল্যবোধৰ জীৱনধাৰাই আমাক উদ্বুদ্ধ কৰিছিল। অতীতৰ ভাল দিশবোৰ সাৰোগত কৰি বৰ্তমানৰ সৈতে খাপ খুৱাই ভৱিষ্যতক উজলাই তোলাৰ নিমিত্তে আমি সকলোৱে অগ্ৰসৰ হ’ব লাগিব। এই ক্ষেত্ৰত শিশুসকলক প্ৰকৃতিৰ প্ৰতি ভালপোৱা, যোগ আৰু আমাৰ প্ৰাচীন কলা, বিজ্ঞানৰ গুৰুত্ব তথা মহত্বৰ বিষয়ে হৃদয়ংগম কৰাব লাগিব। পিতৃ-মাতৃ তথা শিক্ষাগুৰু সকলৰ প্ৰভাৱ এই দিশত হ’ব সুদূৰপ্ৰসাৰী। শিশুসকলৰ নাট্য প্ৰতিভাক আগুৱাই লৈ যোৱাৰ বাবে অহা ২৫ বছৰৰ ভিজন প্লেন প্ৰস্তুত কৰিবলৈ গুৱাহাটী শিশু নাট্য

বিদ্যালয়ক সৰ্বানন্দ সোণোৱালে আহ্বান জনায় আৰু বিদ্যালয়খনৰ সৰ্বাংগীণ উত্তৰণ সাধনৰ দিশত যাৱতীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

Leave A Reply

Your email address will not be published.