গুৱাহাটীত ৰাজ্যিক যুৱ মহোৎসৱ
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পঞ্চ প্ৰাণ নীতিৰ আধাৰত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ অসম ৰাজ্যিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডনবস্ক’ ইনস্টিটিউটৰ প্ৰত্যক্ষ সহযোগীতাত অহা ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া বৃহৎ কাৰ্যসূচীৰে খাৰঘুলিৰ ডনবস্ক’ৰ ইনস্টিটিউট প্ৰাংগনত অনুষ্ঠিত হ’ব। ১৫ তাৰিখে অনুষ্ঠিত হ’ব লগা শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে হিচাপে উপস্থিত থাকি যুৱ মহোৎসৱ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সচিব কাউচাৰ জামিল হিলালীয়ে৷
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডনবস্ক’ ইনস্টিটিউটৰ কাৰ্যবাহী সঞ্চালক শ্লেটাচ চবাস্টিয়ান, ৰাষ্ট্ৰীয় সেৱা যোজনাৰ মাণ্ডলিক সঞ্চালক জিং জিলং, নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ মাণ্ডলিক সঞ্চালক ইং খোৱাং গোৱাং আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰশিক্ষণ আৰু সামৰ্থ নিৰ্মাণ বিশেষজ্ঞ তথা ৰাষ্ট্ৰীয় যুব বঁটা বিজয়ী ড° হেমন্ত ৰাভাই ৷ অসমৰ ৩৪ খন জিলাক প্ৰতিনিধিত্ব কৰি উপস্থিত হোৱা যুৱ প্ৰতিনিধিসকলৰ মাজত ৰাজ্যিক পৰ্যায়ত পেইনটিং প্ৰতিযোগিতা, ভ্ৰাম্যমাণ ফটোগ্ৰাফী, যুৱ লেখক (কবিতা), বাগ্মীতা(বক্তৃতা) আৰু দলীয় সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ক্ৰীড়া,
যুৱ পৰিক্ৰমা আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, গুৱাহাটীৰ লোকসভাৰ সাংসদ কুইন ওজা, পূৱ গুৱাহাটীৰ সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷ যুৱ মহোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ বাবে ইতিমধ্যে বিভিন্ন জিলাৰ যুৱ প্ৰতিনিধিসকল উপস্থিতিৰে উৎসৱ স্থলীত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ মহোৎসৱৰ সকলো কাৰ্যসূচীতে সকলোৰে সহায়-সহযোগীতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীৰ হৈ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ উপ-সঞ্চালক প্ৰমথেশ চক্ৰবৰ্তীয়ে৷