ashomiyapatrika.com

কামৰূপ (মহানগৰ) জিলাৰ ‘দিশা’ বৈঠক সম্পন্ন

0 30

গুৱাহাটীঃ কামৰূপ (মহানগৰ) জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি ‘দিশা’ৰ এখন বৈঠক আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ আজিৰ বৈঠকত জিলাখনত বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে বিগত ‘দিশা’ৰ বৈঠকৰ সিদ্ধান্তৰ বিপৰীতে বিভাগসমূহে লোৱা পদক্ষেপৰ আলোচনা কৰা হয়৷ সাংসদগৰাকীয়ে উপস্থিত বিষয়াসকলক বিভিন্ন বিষয়ত দিহা-পৰামৰ্শ প্ৰদান কৰে৷ আধাৰ নম্বৰ নথকাৰ বাবে বহু লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা বিষয়টো বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয় আৰু এই

ক্ষেত্ৰত বিশেষ শিবিৰ পাতি আধাৰ পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া হয়৷ অংগনবাড়ী কেন্দ্ৰলৈ শিশুৰ আগমন হ্ৰাস পোৱা বুলি সাংসদ ওজাই বৈঠকত নিজৰ পৰ্যবেক্ষন দাঙি ধৰে৷ তেওঁ জিলা পৰিষদক সমাজ কল্যাণ বিভাগৰ সহযোগত গাঁও সভা পাতি ৰাইজক সজাগ কৰিবলৈ আৰু অংগনবাড়ী কৰ্মী-সহায়িকাক ঘৰে ঘৰে গৈ শিশুক অংগনবাড়ী কেন্দ্ৰলৈ অনাত অভিভাৱকক উৎসাহিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ বৈঠকত এমজি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ, জলজীৱন মিছন, মধ্যাহ্ন ভোজন, কৃষকৰ পৰা ধান ক্ৰয়, খেল মহাৰণ আদি বিষয়ত আলোচনা কৰা হয়৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াং, অতিৰিক্ত জিলা আয়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকা, অজিত কুমাৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল বৈঠকত উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.