চৰকাৰী পৰ্টেলত আবেদন কৰা ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰঃ অতি শীঘ্ৰেই বিসংগতি দূৰ কৰাৰ দাবী এছএফআইৰ
গুৱাহাটীঃ ভাৰত চৰকাৰে ইতিমধ্যে ছাত্ৰ-ছাত্ৰী, বিভিন্ন শিক্ষাবিদ, দল-সংগঠন তথা ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। ইয়াৰ বাবে চৰকাৰী নামভৰ্ত্তি প’ৰ্টেল মুকলি কৰিছে। ৰাজ্যৰ শিক্ষাবিভাগৰ এনে এক পৰ্টেলৰ জৰিয়তে স্নাতক পৰ্যায়ৰ নামভৰ্তি কৰিবলৈ গৈ বিপাঙত পৰিছে ৰাজ্যৰ হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰী। কেন্দ্ৰীয় চৰকাৰৰ ‘সমৰ্থ-ই-গভ’ নামৰ প’ৰ্টেলৰ অধীনত অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু চৰকাৰী সাহায্যপ্রাপ্ত উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰা অনলাইন নামভৰ্তি ব্যৱস্থাত দেখা দিয়া এশ এবুৰি বিসংগতিয়ে শিক্ষার্থীসকলক বিপাঙত পেলাৱাৰ লগতে চিন্তিত কৰি
তুলিছে৷ কিন্তু এইক্ষেত্ৰত শিক্ষা বিভাগ তথা অসম চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। বিশেষকৈ নামভৰ্তিৰ ক্ষেত্ৰত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম নিৰ্বাচন কৰিব নোৱাৰাৰ বাবে চিন্তিত কৰি তুলিছে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক। আবেদন পত্ৰ পূৰণ কৰিবলৈ তেওঁলোকে নিজ পছন্দৰ বিষয় বাছনি কৰিব পৰা নাই। ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ শিক্ষাৰ নামভৰ্তিৰ কাৰণে সকলো ৰাজ্যিক বিশ্ববিদ্যালয় আৰু চৰকাৰী সাহায্যপ্রাপ্ত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে মুকলি কৰিছিল এই প’ৰ্টেল। চলিত শিক্ষাবৰ্ষৰ পৰাই চৰকাৰী খণ্ডৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত এই প’ৰ্টেলটোৰ জৰিয়তেহে নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব বুলি ইতিমধ্যে শিক্ষা বিভাগে
জাননী জাৰি কৰি থৈছে। ভাৰত চৰকাৰৰ ‘সমর্থ ই-গভ’ নামৰ পৰ্টেলৰ অধীনত অসম চৰকাৰৰ আছাম ষ্টেট হায়াৰ এডুকেচন এডমিছন প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে আবেদন জনাবলৈ গৈ ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে। কাৰণ নতুন শিক্ষা নীতিমতে স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰম ৪ বছৰীয়া কৰি ৮ টা ছিমেষ্টাৰত ভাগ কৰা হৈছে। অসম চৰকাৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ বাবে মুকলি কৰা এই প’ৰ্টেলৰ দ্বাৰাই নতুন শিক্ষা নীতিৰ অধীনত নামভৰ্তিৰ আবেদন কৰিবলৈ গৈ সমস্যাত পৰিছে বহু ছাত্ৰ-ছাত্ৰী। ম’বাইলৰ জৰিয়তে এই প’ৰ্টেলৰ দ্বাৰাই নামভৰ্তিৰ আবেদন কৰিব পৰা নাই ছাত্ৰ-ছাত্ৰীয়ে। কম্পিউটাৰত
প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰিবলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলে মেজৰ বিষয় আৰু মাইনৰ বিষয়সমূহ সঠিকভাৱে নির্বাচন কৰিব পৰা নাই। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ মতে যিকোনো শাখাত মেজৰ লোৱা ছাত্ৰ এজনে আন যিকোনো শাখাত মাইনৰ কাকত নিৰ্বাচন কৰাত বাধা থাকিব নালাগে। মাইনৰ বিষয়টো আন্তঃবিদ্যায়তনিক শৃংখলাৰ পৰা নিৰ্বাচন কৰিব পৰা ব্যৱস্থা থকাটো প্রয়োজনীয়। আনহাতে এজন ছাত্রই এখন প্ৰপত্ৰ পূৰণ কৰোতে এবাৰ এটা বিদ্যায়তনিক শাখা নির্বাচন কৰাৰ পিচত ইয়াক সলনি কৰাৰো কোনো ব্যৱস্থা ৰখা হোৱা নাই প’ৰ্টেলটোত। ইফালে এই প্ৰ-পত্ৰ পূৰ্ণত প’ৰ্টেলটোত নাই সম্পাদনাৰ কোনো সু-ব্যৱস্থা। অভিজ্ঞ
লোকৰ অবিহনে এই প’ৰ্টেলটোত প্ৰ-পত্ৰ পূৰণ কৰোতে যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে ছাত্র-ছাত্রীসকল। নতুন শিক্ষা নীতি প্ৰৱৰ্তনৰ প্ৰথম ঢাপতে ব্যৰ্থ হৈছে শিক্ষা বিভাগ। চৰকাৰৰ এই ব্যৰ্থতাৰ কথা আকৌ এবাৰ সোঁৱৰাই দি অতি শীঘ্ৰেই এই আসোঁৱাহ দূৰ কৰাৰ বাবে ভাৰতৰ ছাত্ৰ ফেডাৰেচন, অসম ৰাজ্যিক কমিটিৰ সভাপতি হৰ্ষজিৎ দাস আৰু সম্পাদক সংগীতা দাসে দাবী জনাইছে।