ashomiyapatrika.com

বকোৰ লেপগাওঁত বকো নদীত ছেণ্ড গ্ৰেভেল উঠোৱাৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাৰ প্ৰতিবাদঃ ৰাইজৰ অসুবিধা হোৱা স্বত্বেও গুৰুত্ব নাই চৰকাৰ আৰু বিভাগৰ

0 38

বকোঃ সততে জনতাৰ চৰকাৰ বুলি জাহিৰ কৰি ফুৰা বি জে পি চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বাবে আজি কামৰূপ জিলাৰ বকোৰ লেপগাওঁত শ শ পুৰুষ মহিলাই হাহাকাৰ কৰিব লগা হৈছে। ৰাইজৰ জীৱন সম্পত্তিৰ সু নিশ্চিত নিৰাপত্তা আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে চৰকাৰ, বিষয়া আৰু আমোলাক আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই লেপগাওঁৰ ৰাইজে। উল্লেখ্য যে বকো ৰাজহ চক্ৰৰ অন্তৰ্গত লেপগাওঁত বকো নদীত দীৰ্ঘদিন ধৰি চলি আছে নদীৰ বুকুৰ পৰা ছেণ্ড গ্ৰেভেল উঠোৱা মেচিন। প্ৰতি দিনে কুৰি খনতকৈয়ো বেছি ট্ৰাক ডাম্পাৰেৰে সৰবৰাহ কৰে ছেণ্ড গ্ৰেভেল। এই লৈ সংকাত ভূগিছে লেপগাওঁ টিলাপাৰাৰ ৰাইজে। কাৰণ নদীৰ পৰা ছেণ্ড

গ্ৰেভেল সংগ্ৰহ কৰাত নদীৰ বুকু তৰাং হৈ পৰিছে। ভাঙি চিঙি গৈছে যাতায়াত কৰা বাট পথ। এনেকুৱা বহু সমস্যা হোৱা কাৰণ দৰ্শাই লেপগাওঁৰ ৰাইজে ছেণ্ড গ্ৰেভেল উঠোৱা বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰৰ অভিভাৱক মন্ত্ৰী, জিলা আয়ুক্ত, জিলা বন বিষয়া আৰু স্থানীয় প্ৰশাসনৰ লগতে বিষয়া আমোলাক আবেদন নিবেদন কৰিছে যদিও কোনো বিভাগেই গুৰুত্ব দিয়া নাই বুলি জনায় ৰাইজে। ইফালে আজি গাওঁৰ মাজত নদীৰ বুকুত ছেণ্ড গ্ৰেভেল উঠোৱা বন্ধ কৰিবলৈ দাবী জনায় কৰে প্ৰতিবাদ।প্ৰকাশ্য যে বিগত ৯ মাহে ছেণ্ড গ্ৰেভেলৰ মহল বন্ধ কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বন বিভাগৰ আঞ্চলিক তথা জিলা পৰ্য্যায়ৰ বিষয়াৰ উপৰিও কামৰূপ জিলাৰ আয়ুক্তক

একাধিক বাৰ আবেদন যোগে অনুৰোধ জনায়। ইয়াৰোপৰি দুই/ তিনি বাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মহলটোৰ পৰা হ’ব পৰা সমস্যাৰ বৰ্ণনা জনোৱা হয় যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইফালে উক্ত স্থানত ছেণ্ড গ্ৰেভেল উঠোৱাৰ ফলত নদীৰ পাৰ খহি গৈছে। এতিয়া খৰালি মাহতেই যদি নদীৰ পাৰ খহি থাকে তেন্তে ভৰ বাৰিষা কি বিপদ হ’ব সহজেই বুজিব পাৰি। ইফালে বিগত ২০১৪ ইংৰাজী চনত ছেপ্তেম্বৰ মাহত হোৱা প্ৰৱল ঢল পানী আৰু ধাৰাষাৰ বৰষুণৰ ফলত লেপগাওঁৰ টিলাপাৰাৰ পাহাৰত ভূমি স্খলন হৈ বহু পৰিয়ালৰ ক্ষতি হৈছিল। ঠিক তেনেদৰে এনেকৈ নদীৰ বুকুত বালি ছেণ্ড গ্ৰেভেল উঠাই থাকিলে

ভয়ানক বিপদৰ সম্মুখীন হোৱাৰ শংকাত ভুগিছে ৰাইজে। সেয়ে অতি শীঘ্ৰে ছেণ্ড গ্ৰেভেল মহল বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে।

Leave A Reply

Your email address will not be published.