ashomiyapatrika.com

বিশিষ্ট সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটাঃ আমাৰ অসমৰ গৌতম শৰ্মালৈ ‘সংবাদ শিৰোমণি সন্মান’

0 37

যুৱ সাংবাদিক সন্থা অসমৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনৰ আয়োজনঃ কেইবাটাও শিতানত প্ৰদান কৰা হব বটা আৰু সন্মান

গুৱাহাটীঃ যুৱ শক্তি এক অদম্য শক্তি ৷ যি শক্তিৰ উদ্যোগ আৰু সু-সংগঠিত চিন্তাই দেশ -মাতৃ আৰু সমাজৰ উত্তৰণত অৰিহণা যোগায় ৷ উন্নয়নৰ সকলো পৰিসৰত যুৱ দক্ষতাৰ অৱদান অপৰিহাৰ্য৷ ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত বিশেষকৈ যুৱ সাংবাদিক সকলৰ ভূমিকা অতুলনীয়৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, সাময়িক পেক্ষাপটত সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যপ্ৰাপ্তিৰ বিষয়তো অতিকে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ ৰাজ্যৰ গাৱে- ভুঞে সংবাদক্ষেত্ৰত সেৱা আগবঢ়োৱা মফচলীয়া সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত ২০১৮চনতেই আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষ সমূহৰ দৰে ২০২৪ বৰ্ষৰ

১০ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক অধিবেশনৰ দিৱসৰ দিনা ৰাজ্যৰ সংবাদক্ষেত্ৰ খনত দীৰ্ঘদিনে সেৱা আগবঢ়াই অহা কেইগৰাকীমান বিশিষ্ট তথা বিজ্ঞ সাংবাদিকক তেঁওলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে ‘জীৱনযোৰা সাধনা বঁটা’, ‘সংবাদ শিৰোমণি’ বঁটাকে ধৰি আন কেইবাটাও শিতানত গুৰুত্বপূৰ্ণ সন্মান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই উপলক্ষে ২০২৩বৰ্ষৰ বঁটাপ্ৰাপক সকল ক্ৰমে বিশিষ্ট সাংবাদিক তথা বিশ্লেষক বৈকুণ্ঠনাথ গোস্বামীলৈ এই বৰ্ষৰ ‘জীৱনযোৰা সাধনা বঁটা’, ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ ‘সংবাদ শিৰোমণি সন্মান’, নিয়মীয়া বাৰ্তা কাকতৰ জেষ্ঠ উপ সম্পাদক ৰূপাংকৰ ডেকালৈ ‘শ্ৰেষ্ঠ

বাতৰি সম্পাদনা সন্মান’, অসমীয়া প্ৰতিদিনৰ জেষ্ঠ্য সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকলৈ ‘শ্ৰেষ্ঠ প্ৰিন্ট মিডিয়া সন্মান’, ডিৱাই ৩৬৫ ৰ মৃদুস্মিতা ভূঞালৈ ‘শ্ৰেষ্ঠ ইলেক্ট্ৰনিক মেডিয়া সন্মান’ ,প্ৰতিদিন টাইমৰ বাতৰি পৰিৱেশিকা জুবি শইকীয়ালৈ ‘শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান’ আৰু নিউজ লাইভৰ স্বপ্নশ্ৰী গোস্বামীলৈ ‘শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা সন্মান’ আগবঢ়োৱা হব বুলি যুৱ সাংবাদিক সন্থা ,অসমৰ সভাপতি চন্দন দাস আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে৷ ৰাজ্যৰ এই সকল জেষ্ঠ সাংবাদিকলৈ আগবঢ়োৱা বঁটা সমূহ আগন্তুক বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হব লগা যুৱ সাংবাদিক সন্থা অসমৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে৷

Leave A Reply

Your email address will not be published.