কামৰূপ জিলাৰ ৭ বিধানসভা সমষ্টিত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম
গুৱাহাটীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি কামৰূপ জিলাতো সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী আৰম্ভ হৈছে। জিলাখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে আজি গাওঁ পঞ্চায়ত পৰ্য্যায় আৰু পৌৰসভাৰ ৱাৰ্ড পৰ্যায়ত নৃত্য -গীতৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হয়। জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বংশৰ গাওঁ পঞ্চায়তত অনুষ্ঠিত এই প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, মানুহৰ জীৱনত প্ৰতিযোগিতাৰ বিশেষ গুৰুত্ব আছে। ই আমাক উন্নতৰ কাম কৰিবলৈ প্ৰেৰণা দিয়ে। এনে সাংস্কৃতিক প্ৰতিদ্বন্দিতাই আমাৰ ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক অধিক শক্তিশালী
কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে কয় যে, এনে প্ৰতিযোগিতাই আমাৰ গাঁও-ভূঞে সুপ্ত হৈ থকা প্ৰতিভা সমূহৰ বিকাশ আৰু প্ৰকাশত সহায় কৰিব। তদুপৰি ইয়াৰ দ্বাৰা আমাৰ থলুৱা নৃত্য -গীতৰ চৰ্চাৰ এক সুন্দৰ পৰিবেশ গঢ়ি উঠাৰ আশাৰেই মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি তেওঁ মন্তব্য কৰে। উদ্ধোধনী সভাত অতিৰিক্ত আয়ুক্ত প্ৰাণজিৎ কুমাৰ দেৱ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, শুৱালকুছিৰ খণ্ড উন্নয়ন বিষয়া অৰ্চনা দাস, জিলা পৰিষদৰ সদস্য নন্দিতা কলিতা আৰু স্থানীয় জেষ্ঠ
নাগৰিক বগাৰাম বৈশ্য আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। উদ্ধোধনী সভাৰ পিছতে বংশৰ গাওঁ পঞ্চায়ত ভিত্তিক ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ উপৰি বিহু আদি থলুৱা জনগোষ্ঠীয় নৃত্যৰ প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰতিযোগিতাত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী তথা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ ভিতৰতে বংশৰতে সৰ্বাধিক সংখ্যক প্ৰতিযোগীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে। ইফালে একে সময়তে আজি জিলাখনৰ আন ছটা বিধানসভা সমষ্টিতো এই প্ৰতিযোগিতাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ গাওঁ
পঞ্চায়তত কমলপুৰ জনপ্ৰিয় ক্লাবত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰঙিয়া সমষ্টিৰ জয়ন্তীপুৰ গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত, পলাশবাৰী বিধানসভা সমষ্টিৰ কোচপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাহিত্য সভা ভৱনত, বকো সমষ্টিৰ উত্তৰ বাকেলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত, ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ-পূব বনগাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আৰু হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজো গাওঁ পঞ্চায়তৰ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই প্ৰতিযোগিতা সমূহ আজি আনুষ্ঠানিক ভাৱে সমষ্টিভিত্তিক শুভাৰম্ভণী কৰা হয়। জিলা তথ্য আৰু জনসংযোগ
বিষয়াই জনোৱা মতে অহা ৩০ নৱেম্বৰৰ ভিতৰত গাওঁ পঞ্চায়ত তথা পৌৰ ৱাৰ্ড পৰ্যায়ত প্ৰতিযোগিতা সমুহৰ সামৰণি পৰিব। তাৰ পিছতে বিধানসভা সমষ্টি ভিত্তিত প্ৰতিযোগিতা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷