ashomiyapatrika.com

সমস্যা সমাধানৰ প্ৰতি চৰকাৰৰ নাই কোনো সদিচ্ছাঃ প্রতীকী অনশনত বহিব ৰাজ্যৰ ঠিকাভিত্তিকভাবে নিয়োজিত শিক্ষক সকল

0 37

শিক্ষামন্ত্ৰীৰ উদাসীনতাই শিক্ষক সকলক আন্দোলনমুখী কৰাৰ অভিযোগ শিক্ষক সমাজৰ

গুৱাহাটীঃ সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱ অনুসৰি ঠিকাভিত্তিক ষ্টেটপুল শিক্ষক সকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাৰ দাবীৰ লগতে গুণোৎসৱৰ মাধ্যমেৰে চাকৰি নিয়মীয়াকৰণ কৰাৰ বৈষম্যমূলক সিদ্ধান্ত পৰিহাৰ কৰিবলৈ যোৱা ১৯ মেত অসমৰ শিক্ষামন্ত্ৰীলৈ পত্রযোগে এমাহৰ সময়সীমা বান্ধি দিয়া হৈছিল। উক্ত সময়সীমা অহা ২০ জুনত সমাপ্ত হ’ব। কিন্তু পৰিতাপৰ কথা যে আজি পর্যন্ত শিক্ষক সকলৰ আহ্বানৰ প্ৰতি শিক্ষামন্ত্ৰী তথা চৰকাৰৰ তৰফৰ পৰা কোনো ধনাত্মক সঁহাৰি প্ৰদৰ্শন কৰা হোৱা নাই। সেয়েহে নিৰ্ধাৰিত সময়ৰ ভিতৰত সমস্যা সমাধানৰ ইতিবাচক


সঁহাৰি পৰিলক্ষিত নহলে অহা ২১ জুনত পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ গুৱাহাটীৰ চচলস্থিত চৰকাৰী ধৰ্ণাস্থলীত সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ প্ৰায় ২০০ গৰাকী শিক্ষকে গণতান্ত্রিকভাৱে ‘প্রতীকী অনশন’ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰস্তুতি চলাইছে। ইয়াৰ পিছতো যদি চৰকাৰৰ শিক্ষা বিভাগে এই ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি চৰ্তবিহীন ভাৱে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰে তেন্তে উপায়স্তৰ হৈ অসমৰ ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকে দীঘলীয়া সময়ৰ বাবে অনশনৰ দৰে চৰম গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰিবলৈ বাধ্য হব বুলি সংগঠনটোৰ সভাপতি ত্রৈলোক্য ডেকাই


সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য যে ২০১২ বৰ্ষৰ পৰা এক সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে বিভিন্ন পৰ্যায়ত ঠিকাভিত্তিক হিচাপে নিযুক্তি লাভ কৰা শিক্ষক সকলে চৰকাৰৰ বৈষম্যমূলক নীতি আৰু বঞ্চনাৰ প্ৰতিবাদত উপায়ন্তৰ হৈ একাধিকবাৰ ৰাজপথৰ বৃহৎ গণতান্ত্রিক আন্দোলনৰ পথ বাছি ল’বলগীয়া হৈছিল। এয়াও চৰকাৰৰ সমস্যা সমাধানৰ প্ৰতি একান্ত অমনোযোগিতাৰ বাবেই হ’বলৈ পাইছিল বুলিও সভাপতি গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ লগতে উল্লেখ কৰি কয় যে শিক্ষক সকল কেতিয়াও আন্দোলনমূখী চিন্তাৰ প্ৰতি আকৰ্ষিত নাছিল বা হোৱাটো উচিত নহয়। কিন্তু ‘শিক্ষাৰ অধিকাৰ আইন-২০০৯’ আৰু এন.চি.টি.ইৰ


সংযুক্ত বিধিৰ অধীনত নিয়োজিত হৈ সকলো যোগ্যতা থকা এই শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা চৰম উদাসীনতাই বাৰে বাৰে শিক্ষক সকলক ভৱিষ্যতৰ প্ৰতি শংকিত কৰি তুলিছে। সেই শংকা নিৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত আনুষ্ঠানিক আলোচনাৰ মাধ্যমেৰে শিক্ষক সমাজে পোষকতা কৰি আহিছে যদিও চৰকাৰৰ সদিচ্ছা অবিহনে সুদীৰ্ঘ দিন সেয়া সম্ভৱ হৈ উঠা নাই। এই ধৰণৰ চৰকাৰী বঞ্চনাৰ বশৱৰ্তী হোৱা ঠিকাভিত্তিক শিক্ষক সকলৰ মানসিক অৱস্থাটো চৰকাৰখনে সঠিকভাবে অনুধাৱন কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলি টেট উত্তীর্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়াই ক্ষোভ উজাৰে। শিক্ষক


সকলক মানসিক প্রশান্তিৰে নিজৰ সেৱাত আত্মনিয়োগ কৰিব পৰাকৈ চৰকাৰীভাৱে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাটো ভৱিষ্যতৰ বিদ্যালয় ব্যৱস্থাটোৰ প্ৰতি অশনি সংকেত বুলিও দোঁহাৰে। সকলো যোগ্যতা থকাৰ পিছতো নিজৰ সুৰক্ষিত ভৱিষ্যত আৰু ন্যায্য প্রাপ্যৰ বাবে শিক্ষকসকল বাৰে বাৰে শ্ৰেণীকোঠা এৰি ওলাই আহিবলগা হোৱাটো ভৱিষ্যত শিক্ষার্থী সমাজখনৰ প্ৰতিও চৰম অন্যায়ৰ কাৰক বুলিও সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ আনজন সাধাৰণ সম্পাদক পার্থ প্রতিম গগৈয়ে জানিবলৈ দিয়ে। ধৈর্য, সহনশীলতা শিক্ষক সকলৰ অন্যতম গুণা সেয়ে শিক্ষক সমাজে দীর্ঘদিন ধৈর্য ধৰি চৰকাৰী সিদ্ধান্তলৈ বাট চাই আছে। কিন্তু ধৈৰ্যৰো এটা


সীমা থাকে সেয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰতে আনুষ্ঠানিক আলোচনাৰ জৰিয়তে বিষয়টোৰ সমাধানসূত্ৰ নিৰ্ণয় কৰি শিক্ষক সকলক আশ্বস্ত কৰিবলৈ অসমৰ শিক্ষামন্ত্ৰী গৰাকীক আহ্বান জনাইছে সমাজৰ কাৰ্যকৰী সভাপতি সন্দীপ দেৱ চৌধুৰীয়ে।

Leave A Reply

Your email address will not be published.