ashomiyapatrika.com

বকো আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ ২৪ সংখ্যক বৰ্ষৰ বিশাল আয়োজনঃ লাইখুটা স্থাপন আৰু অস্থায়ী কাৰ্য্যালয় উদ্ধোধন

0 42

বকোঃ ভগৱান শ্ৰীকৃষ্ণৰ জীৱন দৰ্শনৰ ওপৰত আধাৰিত কৰ্মশৈলীক প্ৰতীকীৰূপত উপস্থাপন কৰাৰ ব্যৱস্থাক ৰাসক্ৰীড়া নামেৰে আয়োজন কৰা হয়। ধাৰাৰ বুকুত কাতি মাহৰ পূৰ্ণিমাৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ ৰাস পূজা উদযাপন কৰা হয়। সেই উপলক্ষে কামৰূপ জিলাৰ বকোতো প্ৰতি বছৰে ধৰ্মীয় পৰম্পৰাৰে পালিত হয় ৰাস পূজা। এই বৰ্ষতো ২৪ সংখ্যক বৰ্ষৰ বাবে অহা ইংৰাজী ২৭ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অৰ্থাৎ অসমীয়া মাহৰ ১০ আঘোণৰ পৰা ২০ আঘোণলৈকে এঘাৰ দিনীয়াকৈ আয়োজন কৰা হৈছে বকো আঞ্চলিক ৰাস মহোৎসৱৰ। উল্লেখ্য যে এই বৰ্ষৰ ৰাস মহোৎসৱ আয়োজনৰ বাবে যুৱ কৰ্মী জিতুল ৰাভাক সভাপতি, সমাজ কৰ্মী প্ৰবীন তালুকদাৰক

কাৰ্য্যকৰী সভাপতি, সম্ভু ভদ্ৰ আৰু জগন্নাথ ৰাভাক উপ সভাপতি, শংকৰ দাসক সাধাৰণ সম্পাদক আৰু দিপাংকৰ ৰাভা, দিগন্ত ৰাভাক সহকাৰী সম্পাদকৰ দায়িত্ব দি গঠন কৰে ৰাস মহোৎসৱ আয়োজক সমিতি খন। ইয়াৰোপৰি ৰাস মহোৎসৱ খন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু বিভিন্ন বিভাগ চোৱা চিতা কৰিবলৈ কেৱা খনো উপ সমিতি গঠন কৰা হৈছে। ইফালে আজি মাংগলিক ৰীতি-নীতিৰে ৰাস পূজা স্থলীত পূজাৰ লাইখুটা স্থাপন কৰে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে আৰু পূজাৰ যাৱতীয় কাম-কাজ পৰিচালনা আৰু যোগাযোগ কৰিবলৈ নিৰ্মাণ কৰা অস্থায়ী কাৰ্য্যালয়টো আনুস্থানিক ভাৱে উদ্বোধন কৰে বকো

আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথে। লাইখুটা স্থাপন আৰু কাৰ্য্যালয় উদ্ধোধনী অনুষ্ঠানত ৰাস মহোৎসৱ আয়োজক সমিতিৰ সকলো বিষয় ববীয়াৰ উপৰিও কামৰূপ জিলা পৰিষদৰ উপাধ্যক্ষ কাম্বু ৰাম ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ আদিত্য ৰাভা, বনগাঁও মৌজা পৰিষদৰ সভাপতি সম্পাদকৰ উপৰিও বিষয় ববীয়া সকলৰ লগতে জ্যেষ্ঠ্য সমাজ কৰ্মী বৈকুন্ঠ নাথ ৰাভা, দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজিত আলী, অঞ্চলটোৰ জাতীয় দ’ল সংগঠনৰ একাধিক বিষয় ববীয়া আৰু বহু সংখ্যক আই মাতৃয়ে

অংশগ্ৰহণ কৰে। ইফালে ৰাস পূজা উদযাপন সমিতিৰ সম্পাদক শংকৰ দাসে জনোৱা মতে ইতিমধ্যে পূজাৰ বাবে সাজঘৰ, মৃন্নয় মূৰ্তি আৰু অন্যান্য যাৱতীয় ব্যৱস্থাৰ প্ৰস্তূতি কৰা হৈছে।

Leave A Reply

Your email address will not be published.