চেঞ্চুৰীৰ দিশে পিয়াঁজৰ মূল্য, যোগান মন্ত্ৰীৰ ব্যৰ্থতাত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অবস্থাঃ ডাঃ ভবেন চৌধুৰী
গুৱাহাটীঃ বিগত কিছু বছৰৰ পৰা পণ্য-দ্ৰব্যৰ বজাৰৰ মূল্য-বৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। বৰ্তমানৰ চৰকাৰখনে ক্ষমতালৈ অহাৰ পূৰ্বে পণ্য-সামগ্ৰীৰ মূল্য-বৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে বাগাড়ম্বৰপূৰ্ণ নানা বক্তব্যৰে জনতাক ব্যতিব্যস্ত কৰি তুলিছিল। ৫০০ টকাত ৰন্ধন-গেছ, নুন্যতম দামত আলু-পিয়াঁজ যোগানৰ প্ৰতিশ্ৰুতি আদি নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত গেৰুৱা শিবিৰে সততে মুখৰ হোৱা দেখা গৈছিল। আজি এই সম্পৰ্কে আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে, ‘গুৱাহাটীৰ ৰাজপথত পিয়াঁজৰ মালা পৰিধান কৰি বিজয়া চক্ৰবৰ্তীয়ে সামগ্ৰীবিধৰ মূল্য-বৃদ্ধিৰ বিৰুদ্ধে সমদল
উলিয়াইছিল। কিন্তু বৰ্তমানে বিজুলী, পেট্ৰল-ডিজেল, মিঠাতেল, চাউল, চেনি, আটা, ময়দা আদি কৰি প্ৰতি পদ সামগ্ৰীৰ মূল্য-বৃদ্ধিয়ে সাধাৰণ জনতাক ধোঁৱাকোৱা দেখুওৱাৰ বিপৰীতে বিভাগীয় মন্ত্ৰীয়ে কেতবোৰ তৰল মন্তব্যৰে জনগণক ভেঙুচালি কৰিছে। চৰকাৰী পক্ষৰ কিছু সংখ্যকে আকৌ বিজুলীৰ পৰিবৰ্তে গছৰ ছাত জিৰণি ল’বলৈ, মিঠাতেলৰ বিপৰীতে কলা-খাৰ খাবলৈ ৰাইজক পৰামৰ্শ আগবঢ়াইছে। ডিব্ৰুগড়ৰ বিধায়কে গৰু-গাড়ীত গেছ ছিলিণ্ডাৰ উঠাই পেট্ৰল-ডিজেলৰ মূল্য-বৃদ্ধিৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰতিবাদ কৰিছিল। কিন্তু সেইসকল নেতাৰে গঠিত বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ সুখ-দুখৰ খবৰ লোৱাৰ বিপৰীতে চলাচল কৰাৰ ক্ষেত্ৰতো
কৰ আৰোপ কৰি জনগণৰ জেপত হাত দিছে।’ বৰ্তমানৰ গণবৈৰী চৰকাৰখনৰ কাম-কাজবিলাক পৰ্যালোচনা কৰিলে দেখা যায় যে,জধে-মধে যাদৃচ্ছিকভাৱে অসংখ্য প্ৰকাৰৰ বিচিত্ৰ কৰাৰোপ কৰি জনগণক কুঁহিয়াৰ চেপা দিয়াৰ নীতি অনুসৰণ কৰিছে। বিজুলী, পেট্ৰল-ডিজেলৰ উচ্চ মূল্য-বৃদ্ধিৰে পৰাক্ষভাৱে সকলোবিধ দ্ৰব্য-সামগ্ৰীৰে মূল্য-বৃদ্ধিত ইন্ধন যোগাইছে। মুঠতে শাসক পক্ষই সৰ্বসাধাৰণ ৰাইজক আজ্ঞাবাহী ভৃত্যৰূপে জ্ঞান কৰিবলৈ লৈছে। সেয়েহে আম আদমি পাৰ্টী, অসমে জনগণৰ গণতান্ত্ৰিক মৌলিক অধিকাৰ পুনৰুদ্ধাৰ কৰি গণশাসন পুনঃ প্ৰতিষ্ঠিত কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মুল্যবৃদ্ধিৰুদ্ধ কৰিবলৈ দাবী জনাই৷