ashomiyapatrika.com

দেশৰ নীল অৰ্থনীতিৰ সম্ভাৱনা ত্বৰান্বিত কৰাত বিশেষ গুৰুত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 51

সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭এ ভাৰতৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব

নয়ডাঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নয়ডাৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠান (আইএমআই) পৰিদৰ্শন কৰে আৰু শিক্ষাৰ্থী কেডেটসকলৰ সৈতে মত বিনিময় কৰে। লগতে প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি আৰু অন্যান্য সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতে এতিয়া নীল অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ সময়ত প্ৰৱেশ কৰিছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ আৰু উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এই নীল অৰ্থনীতিৰ প্ৰভাৱ হ’ব সুদূৰপ্ৰসাৰী। সেয়েহে সামুদ্ৰিক দক্ষতা, উৎকৃষ্ট সামুদ্ৰিক আন্তঃগাঁথনি আৰু সামুদ্ৰিক

বাণিজ্যৰ ত্বৰান্বিতকৰণত আমি অগ্ৰাধিকাৰ দিছোঁ। এক দক্ষ সামুদ্ৰিক খণ্ডৰ সৈতে ভাৰতে আঞ্চলিক তথা বিশ্বব্যাপী সামুদ্ৰিক খণ্ডত বিশাল সুযোগসমূহ অন্বেষণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰ অগ্ৰগতি লাভ কৰিবলৈ সাজু হৈছে। অনাগত দিনবোৰত সামুদ্ৰিক খণ্ডত আমাৰ দেশৰ যুৱপ্ৰজন্মৰ বাবে প্ৰশিক্ষণ শীৰ্ষ পৰ্যায়ৰ কৰাতো আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আৰম্ভ কৰা সামুদ্ৰিক অমৃতকাল ভিজন ২০৪৭ত নিৰ্দিষ্ট সময়সীমাত ৰূপায়ণৰ পৰিকল্পনাৰ সৈতে এক অভিলাষী উন্নয়নমূলক ৰ’ডমেপ প্ৰস্তুত কৰা হৈছে, যাতে ভাৰতে এক বিশ্বব্যাপী সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হ’ব পাৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেম্পাছৰ

সুবিধা, জাহাজ চিমুলেটৰ ৰুম, অগ্নিনিৰ্বাপক ক্ষেত্ৰ, চুইমিং পুল আদিকে ধৰি প্ৰতিষ্ঠানখনৰ বিভিন্ন আন্তঃগাঁথনি পৰিদৰ্শন আৰু পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ লগতে প্ৰতিষ্ঠানখনৰ শীৰ্ষ পৰিচালনা বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.