ashomiyapatrika.com

নয়নজ্যোতি শৰ্মাৰ ‘জাল কটা জুই’লৈ ২০২৩ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

0 28

গুৱাহাটীঃ সু সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰপৰা অসমীয়া প্রতিভাশালী তৰুণ লেখক- লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বার্ষিক মুনীন বৰকটকী সাহিত্য বঁটা, ২০২৩ আজি ঘোষণা কৰা হৈছে। ২০২৩ বৰ্ষৰ ২৯ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা’ জাল কটা জুই শীর্ষক চুটিগল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ। আজি এই কথা ঘোষণা কৰে মুনীন বৰকটকী স্মাৰক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে৷ উল্লেখ্য যে ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক- লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ পঞ্চাছ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্র।

Leave A Reply

Your email address will not be published.