ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত বিপুল সম্ভাষনেৰে বিদায় জনায়
যোৰহাটঃ অসমলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অহা ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি আজি ৰৰৈয়াস্থিত বায়ুসেনাৰ বিমান বন্দৰত উপস্থিত হয়। ইয়াৰ পিছত ভূটানৰ ৰজা আৰু বিষয়াসকলক বিপুল সম্ভাষনেৰে বিদায় জনোৱা হয়। এই বিদায় মুহূৰ্ত্তত ৰাজ্য চৰকাৰৰ হৈ বিত্ত মন্ত্রী অজন্তা নেওগ, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামী, নগাঁওৰ আই জি পি, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যোৰহাট জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি বিদায় জনায়। ইয়াৰ পিছতে ভূটানৰ ৰজা গৰাকীয়ে ৰৰৈয়া বিমান বন্দৰৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা হয়। অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়েও প্ৰটকল মন্ত্ৰী হিচাপে উপস্থিত থাকি বিদায় জনায়।