ashomiyapatrika.com

বকোৰ কালিয়াবড়ীৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত জেঠুৱা নাম উৎসৱ পালন

0 41

বকোঃ আধ্যাত্মিক ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি বিগত বছৰবোৰৰ দৰে এই বেলিও কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত কালিয়াবড়ী গাওঁত পালন কৰা হয় জেঠুৱা নাম উৎসৱ। কালিয়াবড়ী গাওঁৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত আজি উলহ মালহেৰে পালন কৰা হয় বসুমতী দেৱীৰ পূজা-অৰ্চনাৰে জেঠুৱা নাম উৎসৱ। ইফালে কালিয়াবড়ী ৰাইজ গয়ৰহৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নলনী দাস আৰু সম্পাদক নিৰ্মল দাসে জনোৱা মতে প্ৰতি বছৰে জেঠ মাহৰ শেষৰ ফালে গাওঁৰ ৰাইজৰ সহযোগত বাৰ্ষিক জেঠুৱা নাম উৎসৱ উদযাপন কৰা হয়।

গাওঁৰ জেঠুৱা নাম উৎসৱত মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা আৰু গোপাল ভোগ আগবঢ়োৱা হয়। নামত মহিলা আই মাতৃ নামতিয়ে নাম প্ৰসংগ কৰি মন্দিৰ চৌহদ ৰজনজনাই তোলে। ইফালে ৰাইজে সৰ্বমংগলৰ বাবে ভগৱানক সেৱা জনায়। গাওঁৰ ৰাজহুৱা কাম কাজত আগৰণুৱা ব্যক্তি বৰুণ দাসে আগ ভাগ লোৱা ধৰ্মীয় অনুষ্ঠানটোত যুৱ সমাজ কৰ্মী জগত চন্দ্ৰ দাস, ভৱেন দাস, সাংবাদিক ধনমণি মেধি আৰু দ্বীপজ্যোতি ৰাজবংশীকে ধৰি বহু কেইজন অতিথিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.