শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোত সৰস্বতী যাত্ৰাৰ কাৰ্য্যসূচী ৰূপায়ণঃ সেৱা আৰু ভক্তিত বিভোৰ ছাত্ৰ ছাত্ৰী
বকোঃ শিশু শিক্ষা সমিতি অসমৰ নীতি নিৰ্দেশনা অনুসাৰে বালিকা শিক্ষাৰ অধিনত সৰস্বতী যাত্ৰাৰ কাৰ্য্যসূচী আজি ৰূপায়ণ কৰে কামৰূপ জিলাৰ বকোৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ প্ৰধান আচাৰ্য্য ডিম্বেশ্বৰ দাসৰ তত্বাবধানত নিকেতন খনৰ উচ্চ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে সৰস্বতী যাত্ৰাৰ কাৰ্য্যসুচী সম্পন্ন কৰে। বকোৰ নিকেতন খনৰ আচাৰ্য্যাই জনোৱা মতে বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতিৰ অধিনত বালিকা শিক্ষাৰ জৰিয়তে নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু চৰকাৰী কাৰ্য্যালয়ৰ মাজত জনসম্পৰ্ক ৰক্ষা কৰিবলৈ এই যাত্ৰা কাৰ্য্যসুচী গ্ৰহণ কৰা হৈছে। নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে বকো
ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ, উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া গোংগোত্ৰী নেওগ, বকো হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজেশ মহন্ত আৰু ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাক সেৱা আৰু ভক্তিৰে সৰস্বতী যাত্ৰাৰ কাৰ্য্যসুচীৰ গুৰুত্ব প্ৰকাশ কৰে। ইফালে নিকেতনৰ পৰা শান্তি শোভাযাত্ৰা কৰি বকো ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত গৈ বিষয়া গৰাকীক সেৱা জনায় আৰু জাতীয় গামোচাৰে সন্মান কৰে। চক্ৰ বিষয়া দিৱস বৰদলৈয়ে ছাত্ৰ ছাত্ৰী সকলক উচ্চ শিক্ষাৰ জৰিয়তে অথবা কেৰিয়াৰ গাইডেঞ্চৰ ওপৰত মত বিনিময় কৰে।