ashomiyapatrika.com

বকোৰ আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ জনভাগিদাৰি কাৰ্য্যসূচী ৰূপায়ণ

0 103

বকোঃ ৰাজ্যৰ শিক্ষা বিভাগেে গ্ৰহণ কৰা জনভাগিদাৰী আঁচনিৰ জৰিয়তে বিদ্যালয় সমূহত বিগত ১জুনৰ পৰা ১৫ জুনলৈ ৰূপায়ণ কৰি আহিছে ভিন্ন কাৰ্য্যসূচী। আজি জনভাগিদাৰি কৰ্মৰাজিৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকো শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ বনগাঁও মণ্ডল সমল কেন্দ্ৰৰ আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ত শেষৰ দিনাখন বিভিন্ন কাৰ্যসূচীৰে সমাপন কৰে। ইফালে বিদ্যালয় খনৰ প্ৰধান শিক্ষক পবিত্ৰ কৈৱৰ্তই জনোৱা মতে ইতিমধ্যে মূল বিষয় নিপুণ অসম (এফ এল এন), এন ই পি ২০২০ আৰু জি২০ৰ প্ৰসাৰৰ বাবে সাধুকথা কোৱা, কবিতা আবৃত্তি, কুইজ আদি বিগত তিনিদিন ধৰি আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক জ্ঞান

বিকাশত আগ-ভাগ লৈ আহিছে বিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্ৰীবৃন্দ‌ই৷ ছাত্ৰ -ছাত্ৰী আৰু অভিভাৱক- অভিভাৱিকাৰ উপস্থিতিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৱিত্ৰ কৈৱৰ্ত্ত‌ই জনোৱা মতে আজিৰ জনভাগিদাৰি সাধাৰণ সভাখনত উত্তৰ বনগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হীৰেন কলিতাই সভাপতিত্ব কৰে। কামৰূপৰ জিলা এফ এল এন কনচাল্টেণ্ট নিতুমণি মহন্তই জনভাগিদাৰি সম্পৰ্কে উপস্থিত অভিভাৱকসকলক অৱগত কৰি বিদ্যালয়খনৰ উন্নতিত যে ৰাইজ জড়িত হোৱা অতি জৰুৰী, তাৰ বিষয়ে ব্যাখ্যা কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা বিজয়া

ডেকাই ছাত্ৰ-ছাত্ৰীৰ লগত বিভিন্ন ক্ৰিয়াকলাপৰে মনোযোগ আকৰ্ষণ কৰাৰ লগতে ৰাইজৰ সহযোগ যে নিতান্তই প্ৰয়োজনীয় অনুষ্ঠান এখনি চলিবলৈ, সেয়া তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত শিক্ষক -ছাত্ৰৰ সমন্বয়ৰ ওপৰত বক্তব্য ৰাখে জ্ঞানম কামৰূপৰ সদস্য তথা বকো এম ভি স্কুলৰ সহকাৰী শিক্ষক নৱ কুমাৰ নাথে। ছাত্ৰ -ছাত্ৰীৰ স্মৃতি শক্তি বৃদ্ধি, স্বাস্থ্য ৰক্ষাৰ্থে যোগাসন আৰু ধ্যানৰ ক্ৰিয়াকলাপ আগবঢ়ায় ত্ৰিলোচন মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক তথা যোগ প্ৰশিক্ষক চানু থাপাই। অভিভাৱকৰ মাজৰ পৰা বিদ্যালয়খনৰ বিকাশৰ স্বাৰ্থত বক্তব্য ৰাখে মজিবৰ ৰহমানে। অসমৰ জাতীয় সঙ্গীত পৰিৱেশনেৰে সমাপ্ত হোৱা আজিৰ অনুষ্ঠানত উপস্থিত

থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিত আলী, শিক্ষয়িত্ৰীবৃন্দ ক্ৰমে মামনি কলিতা, বিজুমণি পাঠক, নমিতা দাস আৰু জুতিকা কুমাৰী তথা গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি আৰু অভিভাৱক-অভিভাৱিকা , ছাত্ৰ -ছাত্ৰীবৃন্দ। উল্লেখযোগ্য যে আন আন শিক্ষানুষ্ঠানত দান কৰাৰ দৰে কৈ আজিও বিজয়া ডেকাই আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়ৰ পুথিভঁৰাল সমৃদ্ধ কৰিবলৈ কিছু কিতাপ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ হাতত অৰ্পন কৰে।

Leave A Reply

Your email address will not be published.