ashomiyapatrika.com

বকোতো ৰন্ধন কৰ্মীৰ অধিকাৰ ৰক্ষাৰ দাবীত ‘পিকেটিং কাৰ্য্যসুচী’ ৰূপায়ণঃ শ শ ৰান্ধনীৰ উত্তাল প্ৰতিবাদ শিক্ষা খণ্ডৰ কাৰ্য্যালয় চৌহদত

0 46

বকোঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত ৰাজ্যৰ চৌদিশে চলিছে ৰন্ধন কৰ্মীৰ অধিকাৰৰ দাবীত পিকেটিং। সংস্থাটোৰ কামৰূপ জিলা সমিতিৰ সহযোগত বকো শিক্ষা খণ্ডৰ এলেকাত কৰ্মৰত ৰান্ধনী সমাজৰ মৌলিক অধিকাৰ ৰক্ষাৰ দাবীত আজি উত্তাল প্ৰতিবাদী পিকেটিং কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। বিদ্যালয়ত মধ্যাহ্ন ভোজন ৰান্ধনী হিচাপে কৰ্মৰত ৰন্ধন কৰ্মী ইউনিয়নৰ বকো আঞ্চলিক সমিতিৰ তত্বাৱধানত আজি বকো প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্য্যালয় চৌহদত স্ব – অধিকাৰৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে। উল্লেখ্য যে বিদ্যালয়ত ৰন্ধন কৰ্মীৰ ‘দয়া বা অনুকম্পা নহয়ঃ অধিকাৰ ৰক্ষা কৰোঁ

আহক’ শীৰ্ষক বাণী পত্ৰৰে জাগৰণ সৃষ্টি কৰি শ শ মহিলাই অংশগ্ৰহণ কৰি কৰে প্ৰতিবাদ। পিকেটিং কাৰীৰ দাবী সমুহ হ’ল – ‘সমস্ত বকেয়া মাননি অতি শীঘ্ৰে আদায় দিয়ক’, আইনৰ ভিত্তিত ন্যূনতম মজুৰি দহ হাজাৰ টকা মাহিলী মাননি নিৰ্ধাৰণ কৰক। কাম হেৰুৱা ৰন্ধন কৰ্মীক এককালীন তিনি লাখ টকা সাহাৰ্য্য প্ৰদান কৰক । মাহিলী মাননি নিয়মীয়া কৰক । কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎস্যা সাহাৰ্য্য প্ৰদান কৰক আদিকে ধৰি বহু কেইটা দাবীত কৰে পিকেটিং। দিনযোৰা কাৰ্য্যসুচীৰে আহ্বান জনোৱা কাৰ্য্যসুচীত ৰাজ্য চৰকাৰক ৰন্ধন কৰ্মীৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.