লৌহ পুৰুষজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনঃ উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন
গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ প্ৰাঙ্গনত ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰে। এই দিনটো উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পাঁচোটা মণ্ডলেও যথাযথভাৱে উদযাপন কৰে। এই অনুষ্ঠানটো উদযাপন কৰাৰ উদ্দেশ্যে এনএফআৰএছএ প্ৰাঙ্গনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে একতা আৰু অখণ্ডতাৰ হকে এক শপতগ্ৰহণ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। মহাপ্ৰৱন্ধকে বন্তি প্ৰজ্জ্বলন কৰি চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পন কৰে আৰু উপস্থিত সকলোকে শপত বাক্য পাঠ
কৰোৱায়। মহাপ্ৰৱন্ধকে তেখেতৰ ভাষণত ভাৰতৰ লৌহ পুৰুষৰ দূৰদৰ্শী ৰাজনীতি আৰু অসাধাৰণ ত্যাগৰ কথা স্মৰণ কৰে যিয়ে আমাৰ দেশৰ ভৱিষ্যতক গঢ় দিছিল। মহাপ্ৰৱন্ধকে পুৱা মালিগাঁওৰ এনএফআৰএছএ ষ্টেডিয়ামৰ পৰা ‘ৰান ফৰ ইউনিটি’ৰ শুভাৰম্ভ কৰে। এই দৌৰ এনএফআৰএছএ ষ্টেডিয়ামৰ পৰা আৰম্ভ হয় আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় চৌহদত সমাপ্ত হয়। এই উপলক্ষ্যে ৰে’লৱে কৰ্মচাৰী, বিষয়াবৰ্গ আৰু তেওঁলোকৰ পৰিয়াল, ক্ৰীড়াবিদ, আৰপিএফ আৰু স্কাউটস এণ্ড গাইডসৰ স্বেচ্ছাসেৱকসকলে উৎসাহেৰে ‘ৰান ফৰ ইউনিটি’ত অংশগ্ৰহণ কৰে আৰু এনেদৰে এই উদযাপনৰ দৃষ্টিভংগী আৰু উদ্দেশ্যক এক বৃহৎ সফলতা প্ৰদান কৰে।