ashomiyapatrika.com

২০০৮ চনৰ ৩০ অক্টোবৰৰ বোমা বিষ্ফোৰণত নিহতলৈ শ্ৰদ্ধাঞ্জলি

0 44

গুৱাহাটীঃ ২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত বোমা বিষ্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গণেশগুৰিৰ বোমা বিষ্ফোৰণস্থলীত থকা স্মৃতিসৌধৰ সন্মুখত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি, বোমা বিষ্ফোৰণত নিহত কেবাগৰাকী ব্যক্তিৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে৷ মন্ত্ৰী পাটোৱাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে স্মৃতিসৌধত পুষ্পাঞ্জলী

অৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, ‘সন্ত্ৰাসবাদে ৰাজ্যখনক বহু পিছুৱাই লৈ গ’ল৷ কিন্তু বৰ্তমানৰ চৰকাৰে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰি ৰাজ্যখনত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে৷ এতিয়া অসমত সকলোৱে শান্তি আৰু উন্নয়ণ বিচাৰিছে৷’ মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত পৰ্যায়ত সন্মুখীন হোৱা সন্ত্ৰাসবাদৰ ভয়াবহতাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে৷ অনুষ্ঠানত ভাষণ দি বিধায়ক অতুল বৰা আৰু অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানীয়ে ২০০৮ চনৰ ৩০ অক্টোবৰৰ ভয়াবহ দিনটোৰ স্মৃতি ৰোমন্থন কৰে আৰু সন্ত্ৰাসবাদীৰ নিশংস কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰে৷

Leave A Reply

Your email address will not be published.