ashomiyapatrika.com

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ডি লিট সন্মান প্ৰদান ডাউন টাউন বিশ্ববিদ্যালয়ৰ

0 30

পৰিবেশ ৰক্ষাৰ বাবে পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ কমোৱাৰ ব্যৱস্থা লোৱা হৈছেঃ গাডকাৰী

গুৱাহাটীঃ ডিজেল-পেট্ৰ’ল আদি জীবাষ্মজাত ইন্ধনে আমাৰ পৰিবেশতন্ত্ৰৰ ওপৰত পেলোৱা কুপ্ৰভাৱৰ বাবে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰি উদ্ভিদজাত ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজি গুৱাহাটীৰ পানীখাইটীত থকা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিশেষ সমাবৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন জয়ৰাম গাডকাৰীয়ে এইদৰে কয়। ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী উচ্চ শিক্ষানুস্থানখনৰ অনুষ্ঠানটোত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় দেশত জীৱাষ্মজাত ইন্ধনৰ বিকল্প হিচাপে উদ্ভিদজাত ইন্ধনৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে ১৮৬ টা প্ৰকল্পৰ কাম চলি আছে আৰু ইয়াৰে ভালেসংখ্যক সফলতাৰে

সম্পূৰ্ণ হৈছে। তেওঁ কয় যে ইথানল হৈছে এতিয়াৰ সময়ৰ আৱশ্যকতা। আজি আবেলি গুৱাহাটীলৈ অহাৰ পিছতে বিশ্ববিদ্যালয়খনৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, তেওঁ ২০১৪ চনত মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ সময়ত ভাৰত যান-বাহন উদ্যোগৰ ক্ষেত্ৰত বিশ্বৰ সপ্তম স্থানত আছিল আৰু আজি ভাৰতৰ স্থান চীন আৰু আমেৰিকাৰ পিছতে তৃতীয়। অহা পাচঁ বছৰৰ ভিতৰত এই ক্ষেত্ৰত দেশৰ স্থান এক ন‌ম্বৰ কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি তেওঁ উল্লেখ কৰে। দেশক পাচঁ ত্ৰিলিয়ন অৰ্থনীতিৰ স্থানলৈ উন্নীত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ‌্ৰ মোদীয়ে হাতত লোৱা “আত্মনিৰ্ভৰ ভাৰত”ৰ ধাৰণাক সফল ৰূপ দিবলৈ যুৱচামক নতুন উদ্ভাৱনী সৃষ্টিশীলতাৰে আৰু প্ৰযুক্তিগত

জ্ঞান বৃদ্ধিৰে সমৃদ্ধ হৈ আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়। বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ বিপুল হাত-চাপৰিৰ মাজেৰে দিয়া চিত্তাকৰ্ষক ভাষণত দেশৰ অন্যতম জেষ্ঠ ৰাজনীতিক গৰাকীয়ে কয়, যেতিয়াই ইচ্ছা থাকে তেতিয়াই উপায়ো ওলায়। এই অনুষ্ঠানতে তেওঁক অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডিলিট সন্মান প্ৰদান কৰা হয়। জ্যেষ্ঠ নেতাগৰাকীয়ে উৎসৰ্গীকৃত মনোভাবেৰে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস প্ৰয়াস, উদ্ভাৱনীমূলক ইতিবাচক পদক্ষেপ, কৰ্মদক্ষতা আৰু লাভ কৰা সফলতাৰ বাবে এই সন্মান প্ৰদান কৰা বুলি বিশ্ববিদ্যালয়খনৰ আচাৰ্য ডাঃ নৰেন্দ্ৰ নাথ দত্তই উল্লেখ

কৰে। এই সন্মানে তেওঁক দেশৰ দৰিদ্ৰ জনতাৰ বাবে কাম কৰি যাবলৈ অধিক প্ৰেৰণা আৰু উৎসাহ যোগাব বুলি গাডকাৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ কেবাগৰাকী কীৰ্তি গৱেষক-শিক্ষক তথা ছাত্ৰ-ছাত্ৰীক ডাউন টাউন বিশ্ববিদ্যালয় বঁটা প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পানীখাইটীৰ গান্ধী নগৰত থকা বিশ্ববিদ্যালয়খনৰ চৌহদতে স্থাপন কৰা এলানি নতুন ভৱন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। সভাৰ আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° নাৰায়ন চন্দ্ৰ তালুকদাৰে আদৰণি ভাষণ দিয়ে। উল্লেখযোগ্য যে আজি আবেলি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে পোনতে কামাখ্যা মন্দিৰ দৰ্শন কৰে৷

Leave A Reply

Your email address will not be published.