ashomiyapatrika.com

উপৰহালীত ‘মন বাগিচাৰ গাভৰু’ মঞ্চস্থ

0 64

মিৰ্জাঃ পলাশবাৰীৰ উপৰহালীস্থিত শ্ৰীশ্ৰী ভাঙৰা গোঁপাল গোঁসাই নামঘৰ প্ৰাঙ্গণত বিগত কেইবেলিৰ দৰে এইবেলিও উপৰহালী ৰাণাংগন নাট্য গোষ্ঠীয়ে এখন পূৰ্ণাংগ সামাজিক নাট মঞ্চস্থ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। অৱতাৰ সিঙৰ ‘মন বাগিচাৰ গাভৰ’ নাটখন পৰিচালনা কৰিছে জ্যোতিৰ্ময় ঠাকুৰীয়া আৰু সংগীত পৰিচালনা কৰিছে হেমেন গৌতমে। কণ্ঠদান কৰিছে মলয়া দাস আৰু ভদ্ৰ সাগৰে। নাটখনত গোপী নামৰ এজন ৰিক্সা চালকে দুই মৰমৰ ভাতৃ প্ৰাঞ্জল আৰু মিলনক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি এজনক শিক্ষক, আনজনক অভিযন্তা কৰে। ভাতৃৰ মৰমত ডাঙৰ ভাতৃ গোপীয়ে সকলো ত্যাগ কৰাৰ উপৰিও নিজে ভালপোৱা

ছোৱালী জনীকো সৰু ভায়েক মিলনে বিবাহ কৰাব বিচৰাত তেওঁৰ ভালপোৱাকো বিসৰ্জন দিছিল। নাটখনৰ জড়িয়তে মৰম, বিশ্বাস, ভালপোৱা, সংঘাত, বিচ্ছেদ, ৰাজনীতি তথা হস্যমধুৰ অভিনয় উপস্থাপন কৰি কলা কুশলীসকলে সকলোৰে মনত সাজ বহুৱাবলৈ সক্ষম হৈছে।নাটখনত অভিনয় কৰিছে নৱ কুমাৰ তালুকদাৰ, পুলক কলিতা, ভূপেন ঠাকুৰীয়া, ৰাকেশ ঠাকুৰীয়া, অবিনাশ ঠাকুৰীয়া, অভয় তালুকদাৰ, হীৰু দাস, গৌতম ঠাকুৰীয়া, পংকজ তালুকদাৰ, জ্যোতিৰ্ময় ঠাকুৰীয়া, ধনেশ্বৰ দাস, নয়ন ঠাকুৰীয়া, নিলকমল দাস, ধনঞ্জয় ঠাকুৰীয়া, দেৱযানী দাস, যুতিকা তালুকদাৰ, কণিকা ঠাকুৰীয়াসহ বহু কেইজন নৱীন প্ৰবীন শিল্পীয়ে। আনহাতে

নাটখন মঞ্চস্থ হোৱাৰ আগতে উপৰহালী গাঁৱত পূৰ্বতে নাট প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰায় ১৫ গৰাকী প্ৰবীন অভিনেতা, অভিনেত্ৰীক এখোনকৈ ফুলাম গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাণাংগন নাট্য গোষ্ঠীৰ সভাপতি পুলক কলিতা, সম্পাদক গৌতম ঠাকুৰীয়া, আহ্বায়ক বিমল দাস আৰু সদস্যসকলৰ এনে প্ৰচেষ্টাক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.