প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানঃ মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰি থৈ গৈছে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে
গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ দেহাৱসান ঘটে৷ বৰকটকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ ১৯৯১ চনৰ পৰা ২০১৬ চনলৈ সোণাৰি সমষ্টিৰ বিধায়ক হৈ থকা বৰকটকীৰ চিকিৎসাধীন অৱস্হাত ৮৮বছৰ বসয়ত পুৱতি নিশা জিএমচিএইছত মৃত্যু হয়৷ ১৬ অক্টোবৰৰ পৰা জিএমচিএইছত চিকিৎসাধীন হৈ আছিল৷ ১৯৯১ চনৰ পৰা ২০১১চনলৈ মুঠ পাঁচবাৰ বিধানসভালৈ নিৰ্বাচিত হোৱা বৰকটকী ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ তপন গগৈৰ হাতত পৰাস্ত হৈছিল৷ ১৯৩৫চনৰ ১মাৰ্চত সোনাৰিৰ মথুৰাপুৰত জন্মগ্ৰহণ কৰা বৰকটকীয়ে ১৯৯১চনৰ পৰা ২০১৬চনলৈ কংগ্ৰেছৰ শাসনত কেইবাটাও বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব লৈ সুকলমে কাম
কৰিছিল৷ উল্লেখ্য যে শৰৎ বৰকটকীৰ কাৰ্যকালতে চৰাইদেউ মহকুমা, চৰাইদেউ জিলা ঘোষণা হৈছিল।ৰাজনীতি ক্ষেত্ৰখন লৈ অহাৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকী আছিল এজন শিক্ষক। বৰ্তমানৰ ডলবাগান হাইচেকেণ্ডেৰী আৰু তেতিয়াৰ ডলবাগান হাইস্কুলৰ প্ৰধান শিক্ষক আছিল বৰকটকী৷ তেখেত আনকি বিদ্যলয়খনৰো প্ৰতিষ্ঠাতাও আছিল৷ অসম হাই স্কুল শিক্ষক সংস্থাকো নেতৃত্ব দিছিল বৰকটকীয়ে। শিৱসাগৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি আছিল তেওঁ৷ মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰি থৈ গৈছে বৰকটকীয়ে৷ মৃত্যুৰ পিছত ইতিমধ্যে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বৰকটকীৰ কৰ্ণিয়া সংগ্ৰহ কৰিছে
জিএমচিএইছ কৰ্তৃপক্ষই৷ বৰকটকীৰ মৃত্যুত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী বিধায়ক, দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইফালে প্রাক্তন মন্ত্রী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্রেছে। এক শোকবার্তাত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে শিক্ষকতাৰে জীৱনৰ পাতনি মেলা অসমৰ প্ৰাক্তন মন্ত্ৰী এগৰাকী দলৰ জ্যেষ্ঠ নেতা তথা জীৱনৰ শেষ দিনটোলৈকৈ প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা শৰৎ বৰকটকীৰ বিয়োগ দলৰ লগতে সমগ্ৰ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয়
ক্ষতি। দলৰ কোষাধ্যক্ষ হিচাপে আগবঢ়াই অহা সহায়-সহযোগিতাকো স্মৰণ কৰে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেখেতৰ বিয়োগৰ সংবাদ পাই কংগ্ৰেছ দলৰ প্ৰতিগৰাকী নেতা-কর্মী মৰ্মাহত হৈ পৰিছে আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছে গভীৰ সমবেদন জ্ঞাপন কৰিছে।