ৰাষ্ট্ৰীয় খেলত সাঁতোৰৰ প্ৰথম দিনা অসমৰ আস্থা চৌধুৰীৰ ৰূপৰ পদক অৰ্জন
গুৱাহাটীঃ গোৱাত অনুষ্ঠিত হৈ থকা ৩৭সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম সাঁতোৰ দলে সফলতা অৰ্জন কৰিছে। আজি ছোৱালীৰ ১০০ মিটাৰ বাটাৰ ফ্লাই প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেল খেলি আস্থা চৌধুৰীয়ে ১:০৪:২১ ছেকেণ্ডত লক্ষ্য স্থানত অবতীৰ্ণ হৈ দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰে।ইয়াৰ লগতে মহিলাৰ ৪×১০০ ফ্ৰী ষ্টাইল ৰিলে প্ৰতিযোগিতাত অসমে সুন্দৰ প্ৰদৰ্শনেৰে ৪:০৩:৩৮ ছেকেণ্ডত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈসকলক ক্ৰমে শিৱাংগী শৰ্মা, আস্থা চৌধুৰী,
জাহ্নাবী কাশ্যপ আৰু শুভাংশিনী প্ৰিয়দৰ্শিনী। অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস, সহ সম্পাদক চন্দন জ্যোতি ফুকণৰ নেতৃত্বত প্ৰশিক্ষক বাবুল গুৰুঙ, মমী বৰ্মণ, কল্যাণ কিশোৰ কাশ্যপ, পলাশ বৰুৱা আৰু পাৰ্থ মজুমদাৰৰ তত্বাৱধানত যোৱা দলটোৱে আগন্তুক প্ৰতিযোগিতাত আৰু অধিক ভাল ফলাফল দিব বুলি আশা প্ৰকাশ কৰিছে৷