ashomiyapatrika.com

কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত ৰাষ্ট্ৰীয় একতা সপ্তাহ উদ্‌যাপন

0 41

গুৱাহাটীঃ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীৰ উপলক্ষে কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত ৰাষ্ট্ৰীয় একতা সপ্তাহ উদযাপনৰ লগত সংগতি ৰাখি আজি একবিশেষ বক্তৃতা তথা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ কাৰাগাৰৰ আবাসী সকলৰ দ্বাৰা পৰিৱেশিত সুধাকণ্ঠৰ গীত ‘আাহ আহা ওলাই আহে’ৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ তাৰপিছত আদৰণি ভাষণ আগবঢ়াই কাৰাধ্যক্ষ কল্যাণ চৌধুৰীয়ে৷ আদৰণি ভাষণত চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন আদৰ্শ তথা ভাৰতবৰ্ষৰ স্বাধীনতাৰ বিষয়ে আলোকপাত কৰাৰ লগতে বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন হৈ থকা ৰাষ্ট্ৰীয় একতা সপ্তাহৰ তাৎপৰ্য বাখ্যা কৰে আৰু এতি সুন্দৰ আবৃত্তিৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে

৷ আবাসী ডাঃ সংগীতা দত্তই ‘য়ে মেৰী ৱতন কি ল’গ’ গীতটি পৰিৱেশন কৰি সকলোকে আৱেগিক কৰি তোলে৷ ইয়াৰ পৰবৰ্তী কাৰ্যসূচীত আজিৰ বক্তৃতা অনুষ্ঠানৰ আমন্ত্ৰিত সমল ব্যক্তি ৰাজীৱ কলিতাই চৰ্দাৰ বল্লভভাই পাটেলৰ জীৱন পৰিক্ৰমা তথা তেওঁৰ সংগ্ৰামী জীৱনৰ বিষয়ে বক্তব্য আগবঢ়াই ভাষণ প্ৰসংগত স্বাধীনতা সংগ্ৰামৰ সেনানী সকলৰ জীৱনৰ পৰা সকলোকে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাই৷ কেন্দ্ৰীয় কাৰাগাৰৰ নান্দনিক সাংস্কৃতিক মুখৰ পৰিৱেশ দেখি অভিভূত হৈ পৰা বুলি প্ৰকাশ কৰে৷ আবাসী জাহ্নৱী শইকীয়াই জ্যোতিপ্ৰসাদ আগৰৱালা ‘জয়মতিৰ আত্মাৰ উক্তি’ কবিতাটি আবৃত্তি কৰে তেওঁক সহযোগ কৰে সঞ্জীৱ

তালুকদাৰে৷ পৰৱৰ্তী কৰ্যসূচীত কামৰূজ জামান, ধীৰাজ বৈশ্য, ডাঃ ৱালিওল ইচলাম আদি কেইবাগৰাকীও আবাসীয়ে গীত কবিতা আবৃত্তি কৰি উপস্থিত সকলোকে মন্ত্ৰ মুগ্ধ কৰি তোলে৷ অনুষ্ঠান পৰিচালনা তথা শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট যোগবীদ হৰিপ্ৰসাদ তালুকদাৰে৷ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয়৷

Leave A Reply

Your email address will not be published.