বকোৰ দিলিঙ্গাত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ দৃশ্যঃ ডিজিটেল ইণ্ডিয়াৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত দীলিপ ৰাভা
বকোঃ চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ ফোঁপোলা স্বৰূপৰ বাবে দীৰ্ঘ দিন ধৰি উন্নত চিকিৎস্যাৰ পৰা বঞ্চিত হৈ আছে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ এলেকা দিলিঙ্গাৰ এগৰাকী বয়োবৃদ্ধ। প্ৰাপ্ত তথ্য অনুসৰি ২ নং দিলিঙ্গা গাওঁৰ দৰিদ্ৰ পৰিয়ালৰ মুৰব্বী দীলিপ ৰাভা দীৰ্ঘ দিন ধৰি ভূগি আছে এক জটিল দূৰাৰোগ্য ৰোগত। দীৰ্ঘ দিন ধৰি দূৰাৰোগ্য বেমাৰত ভুগি আছে দুৰ্ভগীয়া তথা অভাৱি পৰিয়ালৰ ব্যক্তি দীলিপ ৰাভা। উল্লেখ্য যে বেমাৰত নৰক – যন্ত্ৰনাত ভুগি থকা পৰিয়ালটোৰ কৰুণ বিননি শুনিলে আপোনাৰো চকুৰ পানী ওলাৱ। এই লৈ গাওঁ খনৰ বহু পৰিয়ালে আৰ্থিক সাহাৰ্য্য আগবঢ়াই আহিছে যদিও সেয়া যঠেষ্ট হোৱা নাই।
ইফালে দুৰ্ভগীয়া পৰিয়ালটোৰ এক মাত্ৰ উপাৰ্জনকাৰী দীলিপ ৰাভাই দীৰ্ঘ দিন ধৰি দুৰাৰোগ্য বেমাৰত ভুগি থকাত টকাৰ অভাৱত পত্নীয়ে কৰিব পৰা নাই উন্নত চিকিৎস্যা। নিজ স্বামীয়ে বেমাৰত আক্ৰান্ত হোৱাত ভোকে – লোঘনে দিন পাৰ কৰিব লগীয়া হৈছে পৰিয়ালটোৱে। এই ঘটনা সন্দৰ্ভত স্থানীয় লোক আৰু ভুক্তভোগী পৰিয়ালৰ কাতৰ আহ্বান মুখ্য মন্ত্ৰী আৰু দ’ল সংগঠনে যাতে অতি সোনকালেই ভুক্তভোগী দুৰ্ভগীয়া পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়ায়। দিলিঙ্গাৰ দূৰ্ভগীয়া পৰিয়ালটোৰ খৱৰ লৈ জানিব পৰা মতে গাওঁৰ একাংশ সচেতন আৰু শুভাকাংশী লোকে সহায় সহযোগ কৰি আহিছে লগতে বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সংবাদ মাধ্যমৰ
সহায় লৈছে। আজি পৰিয়ালটোৰ গৃহত সাংবাদিকৰ দ’ল উপস্থিত হৈ ৰোগী গৰাকীৰ লগতে পৰিয়ালটোৰ অৱস্থাৰ বুজ ল’য়। ইয়াৰ পিছতে আত্মীয় স্বজনে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মানৱ দৰদী লোকৰ আকৰ্ষণ কৰিবলৈ প্ৰচাৰ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰে। লগতে তলত যোগাযোগ – Contact number: 8099985325 , Bank account NO: 36495633737, IFSC Code: SBINO007389. প্ৰকাশ কৰি হৃদয়বান লোকৰ পৰা সহায় বিচাৰিছে।