ashomiyapatrika.com

ঘৰৰ পৰিয়াল সজাগ হ’লে সমাজখন সজাগ হ’বঃ পল্লৱী কছাৰী

0 55

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগঃ মাজুলী চাহ বাগানত শিশু সৰবৰাহ আৰু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

টংলাঃ ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত বিভিন্ন বাগান কৰ্তৃপক্ষৰ সহযোগত বাগান অঞ্চলত সঘনাই ঘটি থকা মানৱ সৰবৰাহ, শিশু শ্রমিক, বাল্য বিবাহ, নাৰীজনিত অপৰাধ আদি বিভিন্ন দিশ সামৰি জিলা প্ৰশাসনে ইতিমধ্যে ধাৰাবাহিকভাৱে বিভিন্ন বিভাগৰ সহযোগত জিলাখনৰ প্ৰতিখন বাগানত ৰাইজ তথা অভিভাৱকক সজাগতা সৃষ্টিৰ কৰাৰ উদ্দেশ্যে বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। কেইমাহ মান আগতে জিলাৰখনৰ অন্তৰ্গত ননৈপাৰা, পানেৰী, ডিমাকুছি, অম্বিকা, শিঙিমাৰী, ওৰাং, হাতিগড়, মাজবাট, বাহিপুখুৰী, বেটীয়াবাৰী, ধনশ্ৰী, লামাবাৰী, মাজুলী, আটৰীখাট, বেটালী, কোৰামোৰ, ভূতিয়াচাং, চন্দনা, কৃষ্ণা

সুচাবিনী, বাদলাপাৰা, শুৱলা, বৰঙ্গাজুলি আৰু ভেৰগাওত মুঠ ২৩ খন চাহ বাগিচাত সজাগতা সভা অনুষ্ঠিত কৰিছিল জিলা প্ৰশাসনে। কিছুদিন আগতে ওদালগুৰি জিলা প্ৰশাসনে মাজুলী চাহ বাগানৰ পৰা তিনিজন শিশুক সৰবৰাহীৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ সংক্ৰান্তত ৰাইজক সজাগ সচেতন কৰিবলৈ আজি মাজুলী চাহ বাগিচাত জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ লগতে বাগান কৰ্তৃপক্ষৰ সহযোগত বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰে। সজাগতা সভাত শিশু সুৰক্ষা বিষয়া ড° পল্লৱী শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা সভা খন অসম সংগীতৰে আৰম্ভ কৰা হয়। সভাত ভেৰগাও মহকুমাৰ মহকুমাধিপতি পল্লৱী

কছাৰীয়ে ভাষণৰ প্ৰসংগত কয় যে শিশু সকলৰ সুৰক্ষিত ভৱিষ্যতৰ হকে আমি সদায় সজাগ সচেতন হব লাগিব।শিশু সকলৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগিব। তেওঁ কয় যে বাগানৰ কিছুমান দালালে ডাঙৰ ডাঙৰ সপোন দেখুৱাই, ডাঙৰ মোবাইল কিনি দি, অভিভাৱকক টকা – পইচা দি লৈ যায় বহিঃৰাজ্যত। বৰ্তমান বাগান অঞ্চলত বাল্য বিবাহ, স্কুল এৰা সমস্যা দিনক দিনে বাঢ়িব ধৰিছে বুলি কোৱা লগতে ছাত্র সংগঠন আৰু অভিভাৱক তথা সমাজৰ প্ৰতিজন ব্যক্তিক সচেতন হ’বলৈ আহ্বান জনায়।তেওঁ কয় যে আমি শিশুক জীয়াই থকাৰ অধিকাৰ, অংশগ্ৰহণৰ অধিকাৰ, বিকাশৰ অধিকাৰ আৰু সুৰক্ষাৰ অধিকাৰ প্ৰদান কৰিব পাৰিব লাগিব, সমাজখনক

বৌদ্ধিক, সাংস্কৃতিক, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটোৱে আমাৰ লক্ষ্য বুলি কয়। সভাত ওদালগুৰি জিলা উপায়ুক্ত ড° সাদনেক সিঙে ভাষণত কয় যে ঘৰৰ পৰিয়াল সজাগ হ’লে সমাজ খন সজাগ হ’ব, এজন ছোৱালী বা এজন ল’ৰা ভাল হ’লে আন দহজন ভাল হ’ব আৰু তেতিয়াই শিশু সৰবৰাহ, মানৱ সৰবৰাহ, বাল্য বিবাহ বন্ধ হ’ব আৰু তেতিয়াই শিশু সুৰক্ষা সুনিশ্চিত্ত, সুৰক্ষিত হ’ব বুলি কয়। তেওঁ শিশু সুৰক্ষা, ১০৯৮ নম্বৰ সেৱা সম্পৰ্কে কোৱাৰ লগতে মানৱ সম্পদ উদ্ধাৰৰ হকে দল-সংগঠনে, ভি চি ডি চিৰ চেয়াৰমেন লগতে সমাজ সচেতন মহলে আগবাঢ়ি আহি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। সভাত আৰক্ষী অধীক্ষক

জ্যোতিপ্ৰসাদ পেগুয়ে আইন আৰু শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা মূলক ভাষণ দিয়ে। সভাত বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মাই কয় যে উৰখা পজাত থাকিও মানুহ হব পাৰে।তেওঁ শিক্ষা অধিকাৰ আইন ২০০৯ অনুসৰি ৬ পৰা ১৮ লৈ সকলো শিশুকে বিদ্যালয়ত যাবলৈ আহ্বান জনায়।যুটীয়া স্বাস্থ্য সঞ্চালক ড° ভুবেনেশ্বৰ স্বৰ্গীয়াৰীয়ে স্বাস্থ্য সম্পৰ্কীয় লগতে স্বাস্থ্য সম্পৰ্কীয় আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া ৰাজেশ হাজৰিকাই বিভাগীয় আঁচনিৰ ওপৰত আৰু মাজুলী এ চি এম এছৰ সভাপতি অনন্ত গোৱালাই বাগান অঞ্চল অভাৱ অভিযোগ সম্পৰ্কীয় ভাষণ দিয়ে। তিনি শতাধিক অভিভাৱক লগতে ছাত্র ছাত্ৰী উপস্থিত থকা সজাগতা সভা খনত মোবাইল

মেডিকেল ইউনিট আৰু আৰ বি এছ কে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়। সভাত জিলা শিশু সুৰক্ষা সমিতি, চাইল্ড লাইন, শিক্ষা বিভাগ, সমাজ কল্যান বিভাগ, শ্ৰম বিভাগ, পুলিচ প্ৰশাসন, জন স্বাস্থ্য কাৰিকৰী বিভাগ,ডি আৰ ডি এ, শিশু কল্যান সমিতি,বাগান পৰিচালনা সমিতি, জে জে বি, আশা কৰ্মী, শিক্ষক, শিক্ষয়িত্ৰী, অংগনাৱাড়ী কৰ্মী, আদিবাসী ছাত্র সংগঠন, এছ এম চিৰ বিষয় ববীয়া সকল উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়ায়।

Leave A Reply

Your email address will not be published.