সোৱণশিৰি বৃহৎ নদী বান্ধে সৃষ্টি কৰা প্ৰলয়ৰ প্ৰতিবাদ চিপিআই (এম-এল)ৰ
গুৱাহাটীঃ ভূমিস্খলনৰ ফলত পাহাৰ খহি নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ ডাইভাৰ্ছন টানেল বন্ধ হোৱাৰ ফলত সোৱণশিৰি নদী মুহূৰ্ত্তৰ ভিতৰতে শুকাই যোৱা ঘটনাত চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ইয়াক এন এইচ পি চিৰ কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত বিজেপি চৰকাৰে গ্ৰহণ নীতিৰ পৰিণতি হিচাপে অভিহিত কৰিছে। এই ঘটনাত নদীখনৰ ১৬০ কিলোমিটাৰ লৈ জল প্ৰবাহ বন্ধ হৈ পৰিছে আৰু যোৱাকালি পুৱা ১১ বজালৈ প্ৰতি ছেকেণ্ডত ১১০০ ঘন মিটাৰ পানী কঢ়িওৱা নদীখনে সন্ধিয়ালৈকে মাত্ৰ ৫ ৰ পৰা ১০ ঘন মিটাৰ হে পানী কঢ়িয়াইছে। সোৱণশিৰি নদী শুকাই যোৱাৰ ফলত হাজাৰ হাজাৰ মাছ, কাছ, শিহু
মৃত্যুৰ মুখত পৰিছে, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছে। আনহাতে নৈ পৰীয়া ৰাইজ ভয়াবহ বিপদৰ মুখত পৰিছে। বান্ধটোৰ জলাশয়ত ৯৯৭ ঘন মিটাৰ ছেকেণ্ডৰ নদীৰ প্ৰবাহ সঞ্চিত হৈ আছে। সমুদ্ৰ পৃষ্ঠৰপৰা বান্ধৰ স্পিলৱেৰ স্তৰ ১৪৫ মিটাৰ। ইতিমধ্যে পানীৰ উদ্ধমুখী উচ্চতাই বান্ধ খুলি গলেই ধেমাজি, লক্ষীমপুৰ, মাজুলী আদি নামনিৰ অংশৰ মৃত্যুৰ বিভীষিকা কঢ়িয়াই আনিব। আজিৰ পৰা ডেৰ দশক আগেয়ে বিশেষজ্ঞসকলে নামনি সোৱণশিৰি বৃহৎ নদী বান্ধ নিৰ্মাণৰ বিৰুদ্ধে পৰামৰ্শ দি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল আৰু অসমৰ ৰাইজে এই বান্ধ নিৰ্মাণৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিছিল, কিন্তু বিজেপি
চৰকাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আৰু ৰাইজৰ প্ৰবল জনমতক বুঢ়া আঙুলি দেখুৱাই নামনি সোৱণশিৰি বৃহৎ নদী বান্ধ নিৰ্মাণত অনুমতি প্ৰদান কৰে আৰু বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ ফলতে নামনিৰ ৰাইজ তথা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি মহা বিপদ সৃষ্টি হল। এখন জীয়া নদীৰ অকাল মৃত্যু মাতি আনিলে। সোৱনশিৰি নদীবান্ধে ভয়াবহ বিপদৰ আগজাননী কঢ়িয়াই আনিছে বুলি তথ্য আৰু ছবিসহ যি বাতৰি সম্প্ৰচাৰ হৈছে সেই বিষয়ে অসম চৰকাৰক তৎকালীনভাবে স্পষ্টীকৰণ দিবলৈ দাবী জনাইছে চিপিআই (এম এল) দলে। এই সম্পৰ্কে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু
সম্পত্তি ৰক্ষাৰ দায়িত্ব চৰকাৰৰ ওচৰত সাংবিধানিক ভাবে অৰ্পন কৰা হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰখনে আওকনীয়া মনোভাৱ গ্ৰহণ কৰিব নোৱাৰিব। বিজ্ঞপ্তিটোত দাসে লগতে দিনে ৰাতিয়ে বিকাশৰ ফটা ঢোল বজোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে নামনি সোৱণশিৰি বৃহৎ নদী বান্ধে সৃষ্টি কৰা প্ৰলয়ে বিকাশৰ নমুনা নেকি? প্ৰেছ বিজ্ঞপ্তিটোত দলে নামনি সোৱণশিৰিৰ জনগণৰ জীৱনৰ নিৰাপত্তা আৰু সোৱণশিৰি নদীৰ স্বাভাৱিক জল প্ৰবাহ নিশ্চিত কৰিবলৈ দাবী জনাইছে।