ashomiyapatrika.com

অসম সচিবালয়ৰ নৱনিৰ্মিত ‘লোক সেৱা ভৱন’ উদ্ধোধন মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 38

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসম সচিবালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা এটি আটকধুনীয়া ভৱন আজি উদ্ধোধন কৰা হয়৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ৰ নৱনিৰ্মিত লোক সেৱা ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জানিব পৰামতে প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পাঁচ মহলীয়া আটক ধুনীয়া ব্লকটো৷ হোম- যজ্ঞ, পূজা- অৰ্চনাৰ অন্তত সতীৰ্থ মন্ত্ৰীসহ নতুন কাৰ্যালয়ত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। জনতা ভৱনৰ চি ব্লকৰ সমীপত পৃথকে নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়টো। অসম সচিবালয়ৰ নৱনিৰ্মিত লোক সেৱা ভৱনটো উদ্ধোধন কৰি মূখ্যমন্ত্ৰী শৰ্মাই কয় নতুন ভৱনটোৰ পৰাই অসমৰ ৰাইজৰ

উন্নয়নৰ কাম কৰা হব৷ ইমান দিনে মূখ্যমন্ত্ৰীৰ স্হায়ী কাৰ্যালয় নাছিল৷ এই ভৱনটোৱে মূখ্যমন্ত্ৰীৰ স্হায়ী কাৰ্যালয়ৰ অভাৱ দূৰ কৰিলে৷ ভৱনটোত মূখ্যমন্ত্ৰীৰ লগতে মূখ্য সচিবৰো কাৰ্যালয় থাকিব৷ গতিকে নতুন ভৱনটোক ‘লোক সেৱা ভৱন’ হিচাপে নামাকৰণ কৰা হৈছে। মূখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় আজি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। বৰ্তমানৰে পৰা লোক সেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু মুখ্য সচিবৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰী কাম-কাজসমূহ অধিক ক্ষিপ্ৰতাৰে আৰু সুচলভাৱে কৰিবলৈ সমৰ্থ হ’ব বুলি আশা কৰিছোঁ। উদ্ধোধনী অনুষ্ঠানত মূখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অজন্তা নেওগ, ডাঃ ৰনোজ পেগু, অতুল বৰা, অশোক সিংহাল, পিযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.