নিজম পৰিল চানমাৰিৰ খেলপথাৰঃ দুই লক্ষাধিক লোকৰ অংশগ্রহনেৰে ভাৰত মাতা পূজন সম্পন্ন
গুৱাহাটীঃ প্ৰায় দুই লাখতকৈও অধিক লোকৰ সমাগমেৰে গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত পাঁচ দিনীয়া কাৰ্য্যসূচীৰে ১৯ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ ভাৰত মাতা পূজন উলহ মালহেৰে সম্পন্ন হয়। এই পাঁচ দিনীয়া কাৰ্যসূচীৰ ১৯ অক্টোবৰত বন্দে মাতৰম গীতত নৃত্য প্রতিযোগিতা, ভাৰত মাতাৰ প্ৰতিমাৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নৃত্যাচাৰ্য্য যতীন গোস্বামীৰ লগতে অখণ্ড ভাৰতৰ মানচিত্ৰৰ চৌপাশে সহস্ৰ লোকে বন্তি প্ৰজ্বলনৰে সমূহীয়া প্ৰদক্ষিণ কৰে। তাৰ পিছতেই চফাই কৰ্মী সকলৰ প্ৰায় ৬০০ লৰা ছোৱালীয়ে একেলগে বন্দেমাতৰম গীত আৰু সমূহীয়া নৃত্য প্ৰদৰ্শন কৰে। ২০ অক্টোবৰত দিনৰ ১১বজাত চফাই কৰ্মী সকলৰ ১১১
গৰাকী কন কণ ছোৱালীক কন্যা পূজন অনুষ্ঠানৰ জৰিয়তে পূজন কৰা হয়৷ যি কন্যা পুজনক আমি কুমাৰী পূজা বুলি কওঁ। বিয়লি ৫বজাত এক আধ্যাত্মিক পৰিবেশত প্ৰায় ১০০ গৰাকী ভিন্ন প্ৰান্তৰ শৈক্ষিক সাংস্কৃতিক বৌদ্ধিক, ক্ৰীড়া, কাৰিকৰ, খনিকৰ আদি ক্ষেত্ৰৰ গুৰুক পূজন কৰা হয় তাৰ পিছত নিশা ৮বজাৰ পৰা বিভিন্ন ধৰণৰ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। ২১ অক্টোবৰৰ পুৱা ৯বজাত আল্পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাত বিভিন্নজনে অংশগ্ৰহণ কৰে৷ বিয়লি ৫বজাত মহৰ্ষি মাতৃ সন্মান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যত সেই সকল মাতৃক সন্মান জনোৱা হয়, যি সকল মাতৃয়ে নিজৰ কৰ্ম ব্যস্ততাৰ লগতে
নিজৰ ঘৰখনৰ লগত লৰা ছোৱালীক ভাল শিক্ষা প্ৰদান কৰি সমাজৰ বাবে এজন সুব্যক্তি গঢ়ি তুলিছে। নিশা ৮বজাৰ পৰা বিএছএফ বাহিনীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন ৰাজ্যকৃষ্টি সমূহৰ বাবে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান হয়৷ ২২ আৰু ২৩ অক্টোবৰত ‘ মাটিৰ গীত শীৰ্ষক ‘ লোকগীতৰ সংগীতৰ অনুষ্ঠান, ‘মূকাভিনয় অনুষ্ঠান’, ‘পুণ্যভূমি ভাৰতদৰ্শন শীৰ্ষক’, নৃত্যৰ অনুষ্ঠান ‘অসমৰ সুৱদি গীত’, শীৰ্ষক এটি সুগম সংগীতৰ অনুষ্ঠান `সাধনা’ দলৰ নৃত্যৰ অনুষ্ঠান।ভাৰত মাতা পূজনৰ এই পাঁচোটা দিনতে সন্ধিয়া শিশু সকলৰ মনোৰঞ্জন তথা জ্ঞানৰ বাবে পুতলা নাচ প্ৰদৰ্শণ কৰা হয়৷ লগতে ভৰত গৌৰৱময় প্ৰাচীন পৰম্পৰাৰ কিছু নিৰ্দেশনাৰ প্ৰদৰ্শনী দুৱাৰ ৰাইজৰ
বাবে ৰাতিপুৱাৰ পৰা নিশালৈ মুকলি ৰখা হয়। এই বিভিন্ন অনুষ্ঠানেৰে পাঁচ দিনীয়া কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে, এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লোকসভাৰ সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদৰ লগতে মুখ্যমন্ত্ৰীৰ সচিব পবিত্ৰ মাৰ্ঘেৰিটা, কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্তমল্ল বৰুৱা, পিযুষ হাজৰিকা, অশোক সিংঘল আদি উপস্থিত থাকে।