ashomiyapatrika.com

নিজম পৰিল দশভূজা দেৱী দুৰ্গাৰ স্তূতি বন্দনাঃ যা দেৱী সৰ্বভূতেশু শক্তি ৰূপেন সংস্কৃতা ধ্বনিত মুখৰিত লক্ষ্য লক্ষ্য ভক্ত

0 47

বকোঃ ধাৰাৰ বুকুত শাৰদীয় পূজা আগমনৰ লগে লগে ব্যস্ত হৈ পৰে পূজা আয়োজক সমিতি বোৰ। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোতো কেৱাখনো পূজা উদযাপন সমিতিয়ে আয়োজন কৰে পূজা। উল্লেখ্য যে বকোৰ ঐতিহাসিক দক্ষিণ বৰপাৰা দূৰ্গা পূজা উদযাপন সমিতি, বকো বজাৰ দূৰ্গা পূজা উদযাপন সমিতি, সাৰ্বজনীন পূজা সমিতি, নেতাজী ক্লাৱ আৰু ডাকুৱাপাৰা পূজা সমিতিৰ উদ্যোগত বিশাল প্ৰস্তূতিৰে আয়োজন কৰিছে পূজাৰ বিধি ব্যৱস্থা। জানিব পৰা মতে এই বেলি বকোৰ দক্ষিণ বৰপাৰা দূৰ্গা পূজা উদযাপন সমিতিৰ পূজা ভাগি বিংশ (২০) সংখ্যক বৰ্ষত ভৰি দিয়ে। এই বৰ্ষৰ পূজা উদযাপন সমিতিৰ সভাপতি প্ৰণৱ মহন্ত আৰু সাধাৰণ সম্পাদক

দ্বীপ পাল আৰু ধন ভড়ালী অধেশ দাসে জনোৱা মতে পূজা আয়োজক সমিতিৰ উপ সভাপতি অমিত কৰ্মকাৰ আৰু শচীন সিং, সহকাৰী সম্পাদক তথা যুৱ সমাজ কৰ্মী আকাশ ৰায়, জিছু ৰায়, বিৰাজ সৰকাৰ আৰু অন্যান্য বিষয় ববীয়াৰ সহযোগত পূজাৰ যাৱতীয় কাম কাজ পৰিচালিত হৈছে। এই ক্ষেত্ৰত দক্ষিণ বৰপাৰা গাওঁৰ মহিলা সকলে অধিক সহযোগ আগবঢ়াই। ঠিক তেনেদৰে বকো বজাৰ দূৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি মদন ৰাভা আৰু সম্পাদক মিঠু দত্ত, সাৰ্বজনীন পূজা সমিতিৰ সভাপতি নৃপেন ভাগৱতী আৰু সম্পাদক অপূৰ্ব ৰাভা, বকোৰ শ্ৰী শ্ৰী তাৰকব্ৰহ্ম হৰিনাম মহাযজ্ঞ স্থলীত আয়োজন কৰা নেতাজী ক্লাৱৰ পূজা সমিতি, ডাকুৱাপাৰা

পূজা সমিতিয়ে আয়োজন কৰা দেৱী দুৰ্গা পূজাৰ আজি সামৰণি পৰে। ইফালে বিগত পাছ দিনীয়া দেৱী দুৰ্গাৰ পূজা অৰ্চনা সমাপ্ত হয়। নিজম পৰি স্তব্ধ হ’ল যা দেৱী সৰ্বভূতেশু শক্তি ৰূপেন সংস্কৃতা বন্দনা। সন্ধিয়া পৰত লক্ষ্য লক্ষ্য ভক্তৰ দেৱী বন্দনা আৰু ধ্বনিৰে বিশাল শোভাযাত্ৰা কৰি বকো নদীত আটাইকেইখন পূজা বিসৰ্জন দিয়ে।

Leave A Reply

Your email address will not be published.