ashomiyapatrika.com

বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাসৰ মৃত্যুঃ ৰাজ্যজুৰি শোকৰ ছাঁ

0 33

গুৱাহাটীঃ বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাসৰ সোমবাৰে দিনৰ ২ বজাত নেমকেয়াৰ হাস্পাতালত মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১২ অক্টোবৰৰ পৰা নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত ভেণ্টিলেটৰত আছিল সাংবাদিকগৰাকী। অৱশেষত আজি ১১ দিন চিকিৎসাধীন হৈ থকাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। ১৯৭৬ চনৰ পৰা সাংস্কৃতিক সাংবাদিকতাৰ সৈতে জড়িত হৈ মৃত্যুৰ পূৰ্বলৈকে সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনতেই তেওঁ জড়িত হৈ আছিল৷ ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ প্ৰতিস্থাপক সভাপতি আছিল অৰুণলোচন দাস। মৃত্যুৰ পূৰ্বলৈকে সন্থাৰ উপদেষ্টা আছিল জ্যেষ্ঠ

সাংবাদিকগৰাকী। অসমৰ প্ৰায় সকলোবোৰ কাকত, আলোচনীত বিগত চাৰিটা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্ন বাৰ্তা, সমালোচনা লিখি আহিছিল অৰুণলোচন দাসে৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক কাকত ‘চিত্ৰ সংবাদ’ কাকতখনৰ সহযোগী সম্পাদক আছিল৷ অসমৰ শিল্পীসকলৰ ফোন নম্বৰ, ঠিকনাকে ধৰি বিভিন্ন শিল্পীৰ জীৱনী সন্নিবিষ্ট ‘লাইমলাইট ডাইৰেক্টৰী’ৰ স্ৰষ্টাও আছিল অৰুণলোচন দাস। ১৯৯৬ চনৰ পৰা নিয়মীয়াকে তেওঁ প্ৰকাশ কৰি আছিল ‘লাইমলাইট ডাইৰেক্টৰী’৷ অসমীয়া ছবিৰ বিভিন্ন বিষয়ক লৈ ভালেসংখ্যক গ্ৰন্থও তেওঁ লিখিছিল। শ্ৰেষ্ঠ লেখক হিচাপে ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল অৰুণলোচন

দাসে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ‘১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত’ গ্ৰন্থখন আছিল অন্যতম। দুটাকৈ খণ্ডত প্ৰকাশ পাইছিল এই গ্ৰন্থখন৷ ‘শ্বুটিং ৰিপ’ৰ্ট’, ‘এৰি অহা দিনবোৰত অসমীয়া চিনেমা’, ‘কি নাম দি মাতিম’, ‘অসমীয়া চলচ্চিত্ৰ (১৯৩৫- ১৯৯১)’, ‘অসমীয়া চিনেমাৰ কথা’, ‘অসমৰ সুৱদীসুৰীয়া গীত’ আদি আন কেইখনমান তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ আছিল। অৰুণলোচন দাসৰ ‘উইণ্ডমিল আৰু টিউলিপ ফুলৰ দেশত’ গ্ৰন্থখনিয়ে পঢ়ুৱৈ সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৫৪ চনৰ ২৯ মে’ত গুৱাহাটীৰ উজানবজাৰত জন্মগ্ৰহণ কৰিছিল অৰুণলোচন দাসে৷ ১৯৭৬ চনত আৰতি দাস বৈৰাগীৰ ‘জোনবিৰি’

আলোচনীখনৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা দাসে ১৯৭৯ চনত ‘ৰূপকাৰ’ আলোচনীখনৰ যোগেদি চলচ্চিত্ৰ সাংবাদিকতাত জড়িত হৈ পৰে৷ জীৱনৰ ২৫ বছৰ বয়সতে, ১৯৭৯ চনত প্ৰকাশ পোৱা প্ৰথম বহুৰঙী অফচেটত মুদ্ৰিত চলচ্চিত্ৰ আলোচনী ‘আকাশ’ৰ সম্পাদনাৰ সৈতে জড়িত আছিল অৰুণলোচন দাস৷ ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে দুটা বছৰ তেওঁ ‘চিত্ৰ সংবাদ’ৰ সহযোগী সম্পাদক আছিল৷ ১৯৭৯ চনত তেওঁ নিজে ‘লাইমলাইট’ নামৰ সংস্থাটোৰ জন্ম দিছিল । এই সংস্থাটিৰ বেনাৰতেই ১০০ খনৰো অধিক ছবিৰ তেওঁ প্ৰচাৰৰ ডিজাইন কৰিছিল৷ মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু জোঁৱাইক এৰি থৈ গৈছে প্ৰয়াত দাসে৷

Leave A Reply

Your email address will not be published.