ashomiyapatrika.com

দেৱী বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্যঃ সপ্তমীৰ দিনা পূজাস্হলীত ভিৰঃ কামেখ্যা, বিল্লেশ্বৰ, উগ্ৰতৰাত হব মহবলি

0 31

দিছপুৰ ছুপাৰমাৰ্কেটৰ দুৰ্গাপূজাৰ মণ্ডপত এইবাৰ অসমীয়া চাদৰমেখেলাৰে সজ্জিত হ’ল দেৱী প্ৰতিমা

গুৱাহাটীঃ দূৰ্গা পূজাক লৈ উখল মাখল সমগ্ৰ ৰাজ্য। চৌদিশে কেৱল শুনা গল দেৱী বন্দনা৷ উল্লেখ্য যে শুকুৰবাৰে ষষ্ঠী দেৱীক বেদীত প্ৰতিষ্ঠা কৰোৱাৰ পিছৰে পৰা আৰম্ভ হৈছে পূজা অৰ্চনা৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত উথপথপ পূজাস্হলী৷ পূজা সমিতিসমুহে দেৱীৰ প্ৰতিমা আৰু আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰি দৰ্শনাৰ্থীক আকৰ্ষণৰ চেষ্টাৰ ক্ৰুটি কৰা নাই৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ সৰু বৰ প্ৰায় ছয় শতাধিক পূজা অনুষ্ঠিত কৰিছে৷ ইফালে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো মা কামেখ্যা মন্দিৰ, বেলশৰৰ বিল্লেশ্বৰ দেৱালয়, গুৱাহাটীৰ উগ্ৰতৰা দেৱালয়ৰ লগতে বিভিন্ন স্হানত মহ বলি দিবলৈ সাজু হৈছে৷ অন্যহাতে মহানগৰীৰ বিভিন্ন

মণ্ডপ আকৰ্ষণীয় সজোৱাৰ বিপৰীতে অসমীয়াৰ হেঁপাহৰ চাদৰ মেখেলা গাত মেৰিয়াই এইবাৰ ভক্তক আশীৰ্বাদ দিবলৈ গুৱাহাটীলৈ আহিছে দেৱী দুৰ্গা৷ চৌপাশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ উখলমাখল পৰিবেশ৷ মহালয়া, নৱৰাত্ৰিৰ পাছত এতিয়া দেৱী দুৰ্গাৰ ষষ্ঠীপূজাত প্ৰাণ প্ৰতিষ্ঠাৰে মৰ্ত্ত্যৰ পূজা অৰ্চনাৰ বাবে সাজু হৈছে সকলো ভক্তগণ৷ পূজা মণ্ডপত চালে চকুৰোৱাকৈ স্থাপন কৰা হৈছে দেৱীপ্ৰতিমা৷ মা দুৰ্গাৰ লগত মৰ্ত্ত্যত পূজাৰ ভাগ ল’বলৈ আহিছে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ সকলো৷ অসমৰ সকলো ঠাইৰ লগতে ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ সকলো ঠাইতে আটকধুনীয়াকৈ সজোৱা হৈছে পূজাৰ মণ্ডপ৷ দিবলৈ চেষ্টা কৰা হৈছে এক নতুনত্বৰ

পৰশ৷এইসময়ত সকলো ব্যস্ত শাৰদীয় দুৰ্গাপূজাক লৈ ৷ দোকান পোহাৰত মানুহৰ ভিৰ৷ পূজা মণ্ডপত মঙ্গল আৰতিৰ লগতে ঢাকৰ শব্দ আৰু দুৰ্গামাৰ শ্লোক -স্ত্ৰোতঃত মুখৰ হৈছে চৌপাশ৷ বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ দিনালৈকে থাকিব এই উছাহ৷ ভক্তপ্ৰাণ ৰাইজে থৰ লাগি চাইছে পূজা মণ্ডপসমূহ৷ দুই এঠাইত বাদ দি সকলোতে চকু চাট মাৰি ধৰা কাৰুকাৰ্য৷ এইবাৰ দিছপুৰ চুপাৰমাৰ্কেটৰ পূজাভাগৰ দেৱী প্ৰতিমাৰ গাত দেখা গ’ল অসমীয়াৰ প্ৰাণৰ আপোন অসমীয়া পাটৰ কাপোৰৰে প্ৰস্তুত কৰা দেৱীমাৰ গাৰ বস্ত্ৰ৷জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ, উদ্যমী নাৰী দীপামণি গগৈয়ে এইবাৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ দুৰ্গাপূজাৰ প্ৰতিমা আগবঢ়োৱাৰ

লগতে নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিওৱা অসমীয়া পাটৰ সাজৰে দুৰ্গা মাৰ লগতে সৰস্বতী আৰু লক্ষ্মীদেৱীৰ প্ৰতিমা সজাই তুলিছে৷ ডিজাইনাৰ গৰাকীয়ে দুৰ্গামাৰ প্ৰতিমাৰ গাত ৰঙা ৰঙৰ পাটৰ মেখেলা চাদৰ পিন্ধোৱাৰ লগতে লক্ষ্মী মাৰ প্ৰতিমাৰ গাত হালধীয়া ৰঙৰ পাটৰ কাপোৰ আৰু সৰস্বতী মাৰ প্ৰতিমাৰ গাত পিন্ধাইছে শুধবগা ৰঙৰ পাটৰ সাজ৷সেইদৰে প্ৰতিমাৰ গাৰ কাপোৰৰ লগত মিলাই পিন্ধাইছে আ -অলংকাৰো৷ এইদৰে দীপামণি গগৈয়ে সভক্তিৰে আগবঢ়োৱা দেৱীমাৰ প্ৰতিমাৰ গাৰ বস্ত্ৰ হিচাপে থকা অসমীয়া জাতীয় সাজযোৰে বিশেষভাৱে অসমীয়া ভক্তপ্ৰাণ ৰাইজক এইবেলি অন্য এক সুকীয়া আনন্দ প্ৰদান কৰিব বুলি আশা কৰা হৈছে৷

Leave A Reply

Your email address will not be published.