মালিগাঁৱৰ নিৰ্মীয়মান উৰন সেঁতুৰ পৰা পৰিল প্ৰকাণ্ড লোহাৰ প্লেটঃ দুই শ্ৰমিক আহত, তীব্ৰ প্ৰতিক্ৰিয়া
মালিগাঁৱত নির্মীয়মান উৰন সেঁতুৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰঃ চিকিৎসালয়ত উপস্থিত হৈ আহত শ্রমিক দুজনৰ স্বাস্থ্যৰ বুজ লয়
গুৱাহাটীঃ চৰম অৰাজকতা চলিছে গুৱাহাটীত৷ সোমবাৰে মহানগৰীৰ ৰাজগড় সংলগ্ন পথত সংঘটিত জলবিস্ফোৰনৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতে আজি পুনৰ মালিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আজি দিনৰ ভাগত মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত সংঘটিত হোৱা ভয়ংকৰ ঘটনাটোৱে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে মালিগাৱত নিৰ্মিত হৈ থকা নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা তাত কাম কৰা শ্ৰমিকৰ গাত সৰি পৰিল প্ৰকাণ্ড লোহাৰ প্লেট। ঘটনাক লৈ মালিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। প্ৰাগজ্যোতিষ চিনেমা হলৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়
দুজন শ্ৰমিক৷ শ্ৰমিক দুজন নয়ন দাস আৰু জিতু দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে দুয়োজনকে অতি সংকটজনক অৱস্থাত স্বাগত চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়৷ আনহাতে ঘটনাত এএছ০১ এফজে ৭০২৮নম্বৰৰ বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ ইপিনে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গড়কাপ্তানী বিভাগৰ বিষয়া উপস্থিত হৈ ঘটনাৰ পৰ্যালোচনা কৰে৷ অন্যহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মালিগাঁৱত নির্মীয়মান উৰণ সেঁতুত সংঘটিত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে দুৰ্ঘটনাত আহত শ্রমিক দুজনৰ অৱস্থাৰ বুজ লয়। উল্লেখ্য যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে মুখ্যমন্ত্রীয়ে আজি তাৎক্ষণিকভাবে
ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে দুৰ্ভাগ্যজনকভাবে আহত হোৱা শ্রমিক দুজনক ভৰ্তি কৰা চিকিৎসালয়খনলৈ গৈ চিকিৎসকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসকসকলক আহত শ্রমিক দুজনক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কয়। মুখ্যমন্ত্রীয়ে চিকিৎসালয়খনত উপস্থিত আহত শ্রমিক দুজনৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সৈতেও আলোচনা কৰি তেওঁ কয় যে ৰাইজৰ সামগ্রিক সুৰক্ষাৰ বাবে যি পথত উৰণ সেঁতু নিৰ্মাণ কৰা হৈছে তাৰ যিকোনো
এটা ফালৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যাতায়াতৰ বাবে বন্ধ থাকিব। তেওঁ লগতে কয় যে ৰাইজৰ সুবিধার্থে যাতায়াত ব্যৱস্থাপনাৰ পৰিকল্পনা প্রস্তুত কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে যিহেতু উৰণ সেঁতুখন সম্পূর্ণ হোৱাৰ শেষ পৰ্যায়ত আছে সেয়েহে চৰকাৰে সকলোৰে সুবিধাৰ বাবে যিমান পাৰি সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে।