ashomiyapatrika.com

দেশৰ বহু গ্রন্থ প্রকাশক আৰু বিক্ৰেতাৰ যোগদানেৰে ১ নৱেম্বৰৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা’

0 29

বিশিষ্ট গ্ৰন্থকাৰ আৰু নবীন লেখকৰ অংশগ্রহণেৰে জীপাল হ’ব ‘চলিহা নগৰ খেলপথাৰ’

গুৱাহাটীঃ অহা ১ নৱেম্বৰৰ পৰা তিনিচুকীয়া চহৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব দহদিনীয়া ‘অসম গ্রন্থমেলা, তিনিচুকীয়া’৷ এই গ্রন্থমেলাত দিল্লী, কলকাতাৰ উপৰি অসমৰ বহু উল্লেখযোগ্য প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতাই ভাগ ল’ব বুলি নিশ্চিতি প্ৰদান কৰিছে। তিনিচুকীয়াৰ চলিহা নগৰস্থিত খেলপথাৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে এই গ্রন্থমেলা অনুষ্ঠিত হ’ব। তিনিচুকীয়া, ধেমাজি তথা ডিব্ৰুগড় জিলাৰ নবীন লেখকসকলৰ উপৰি তিনিচুকীয়া জিলাৰ ছাত্ৰ-ছাত্ৰী সকলক এই গ্ৰন্থমেলাৰ সৈতে সংযুক্ত কৰাৰ বাবে আয়োজকসকলে ইতিমধ্যে বিভিন্ন অনুষ্ঠান, প্রতিযোগিতা

আদিৰ পৰিকল্পনা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে ১ নৱেম্বৰত বিয়লি ৩ বজাত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানলৈ কেইবাগৰাকী বিশিষ্ট লেখকক আমন্ত্রণ জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ চহৰত ৩১ অক্টোবৰৰ পৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ এই গ্ৰন্থমেলাৰ সময়সূচী পিছুৱাই দিয়া হৈছে। পৰবৰ্তী সময়ত লখিমপুৰত হ’বলগীয়া ‘অসম গ্ৰন্থমেলা’ৰ সময়সূচী ঘোষণা কৰা হ’ব বুলি সচিবে বিজ্ঞপ্তিটোত জানিবলৈ দিছে। উক্ত সময়খিনিতে তিনিচুকীয়া চহৰত ‘অসম গ্ৰন্থমেলা’ আয়োজন কৰিবলৈ

লোৱা সিদ্ধান্তৰ প্রতি প্রকাশক তথা গ্রন্থ বিক্ৰেতাসকলে আদৰণি জনাইছে। এই গ্ৰন্থমেলা আয়োজন কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা আয়ুক্ত তথ্য তিনিচুকীয়া পৌৰসভাৰ চেয়াৰমেনে জনোৱা সঁহাৰি তথ্য সহযোগৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই ধন্যবাদ জনাইছে৷

Leave A Reply

Your email address will not be published.