বকোৰ দক্ষিণ বৰপাৰাত দূৰ্গা পূজা উদযাপন সমিতিৰ বিংশ সংখ্যক বৰ্ষৰ বিশাল আয়োজন
বকোঃ ধাৰাৰ বুকুত শাৰদীয় পূজা আগমনৰ লগে লগে ব্যস্ত হৈ পৰে পূজা আয়োজক সমিতি বোৰ। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকোতো কেৱাখনো পূজা উদযাপন সমিতিয়ে আয়োজন কৰিছে পূজাৰ প্ৰস্তূতি। এই ক্ষেত্ৰত বকোৰ ঐতিহাসিক দক্ষিণ বৰপাৰা দূৰ্গা পূজা উদযাপন সমিতিয়ে বিশাল প্ৰস্তূতিৰে আয়োজন কৰিছে পূজাৰ ব্যৱস্থা। জানিব পৰা মতে এই বেলি বকোৰ দক্ষিণ বৰপাৰা দূৰ্গা পূজা উদযাপন সমিতিৰ পূজা ভাগি বিংশ (২০) সংখ্যক বৰ্ষত ভৰি দিয়ে। এই বৰ্ষৰ পূজা উদযাপন সমিতিৰ সভাপতি প্ৰণৱ মহন্ত আৰু সাধাৰণ সম্পাদক দ্বীপ পালে জনোৱা মতে পূজা ভাগি আয়োজনৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পুৰ্ণ কৰি তোলা হৈছে। ইফালে
দক্ষিণ বৰপাৰাৰ দেৱীৰ পূজা উদযাপন সমিতিৰ ধন ভড়ালী অধেশ দাসে জনোৱা মতে পূজা আয়োজক সমিতিৰ উপ সভাপতি অমিত কৰ্মকাৰ আৰু শচীন সিং, সহকাৰী সম্পাদক তথা যুৱ সমাজ কৰ্মী আকাশ ৰায়, জিছু ৰায়, বিৰাজ সৰকাৰ আৰু অন্যান্য বিষয় ববীয়াৰ সহযোগত ইতিমধ্যে পূজাৰ যাৱতীয় কাম কাজ পৰিচালিত হৈ আছে। ইফালে পূজা আয়োজনৰ ৰভা, পেণ্ডেল, প্ৰতিমাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা সম্পুৰ্ণ কৰি তুলিছে বুলি জানিব দিয়ে উদ্যোক্তা মণ্ডলীয়ে। পূজা ভাগি আয়োজন সমিতিৰ সভাপতি প্ৰণৱ মনন্তই জনোৱা মতে পূজাৰ দিন কেইটাত বিধি মতে পূজা অৰ্চনা, নাম প্ৰসংগ, আৰতি, প্ৰসাদ বিতৰণ কাৰ্য্যসুচী চলি থাকিব।