ashomiyapatrika.com

গুৱাহাটী মহানগৰীতো পৰম্পৰাগত কাতি বিহু উদযাপন

0 35

গুৱাহাটীঃ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে যোৱাবেলিৰ পৰা উদযাপন কৰিবলৈ লোৱা কাতি বিহুটি এইবাৰো নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ সহযোগত নিউ গুৱাহাটী ৰেল’ৱে কলনিৰ খেল-পথাৰত পালন কৰে৷ উল্লেখযোগ্য যে, নৱ-প্ৰজন্মৰ শিশুসকলক আৰু কংক্ৰিতৰ মহানগৰীত কাতি বিহুৰ বিষয়ে বিশেষ একো নজনা সকলক, বিহুটোৰ লগত পৰিচয় কৰাই দিয়াৰ চিন্তাৰে এখন সুন্দৰ ধাননি পথাৰৰ লগতে ভঁড়ালঘৰ, ঢেকীশাল, চ’ৰাঘৰ আদিৰে এটি গাঁৱৰ পৰিবেশত এখন ঘৰৰ নঙলা খুলি কাতি বিহুৰ শুভ উদ্বোধন কৰে শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীয়ে। ইয়াৰ পিছতে তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি

মধুৰঞ্জন নাথে। শিল্পী ময়ূৰী দত্ত আদি বহু শিল্পী, বিশিষ্ট সাংস্কৃতিক কৰ্মী ববিতা শৰ্মা, স্থানীয় পৰিষদ লিপিকা কলিতা পাটোৱাৰী লগতে সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, উপ-সভাপতি সকলোৱে ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰে। আকাশ বন্তি জ্বলাই সুন্দৰ দিনৰ কামনা কৰে স্থানীয় বিধায়ক অতুল বৰাই। লগে লগে আৰম্ভ হয় আগচোতালত নকৈ ৰোৱা তুলসীৰ তলত মাহ-প্ৰসাদ আগবঢ়াই ভকত, আয়তীসকলৰ গীত ‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনু-শৰ ধৰে’। কাতি বিহুৰ নঙলা খুলি শুভ উদ্বোধন কৰা উদ্বোধক বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন উপাচাৰ্য অমৰজ্যোতি চৌধুৰীয়ে ভূয়সী প্ৰশংসা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সমিতিৰ সাধাৰণ সম্পাদক অজয় তালুকদাৰ আৰু কাৰ্যকৰী সভাপতি মধুৰঞ্জন নাথে।

Leave A Reply

Your email address will not be published.