ashomiyapatrika.com

কামৰূপ জিলা উন্নয়ন সমিতিৰ বৈঠক

0 28

গুৱাহাটীঃ কামৰূপ জিলাৰ জিলা উন্নয়ন সমিতিৰ জুন মাহৰ বৈঠক আজি জিলা উন্নয়ন আয়ুক্ত নৰসিং বেৰ অধ্যক্ষতাত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰা এই বৈঠকত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি বিগত মে’ মাহত অনুষ্ঠিত বৈঠকত বিভিন্ন বিভাগলৈ প্ৰদান কৰা নিৰ্দেশনা সমূহৰ অগ্ৰগতিৰ খাতিয়ানো লোৱা হয়। আজিৰ বৈঠকতে সাম্ভাৱ্য বানপানীৰ আগতীয়া প্ৰস্তুতিৰ বিভন্ন বিষয় সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বানপানীৰ সময়ত স্থাপন কৰিবলগীয়া ডেজিগনেটেড সাহায্য শিবিৰত উপলব্ধ

কৰিবলগীয়া বিভিন্ন সা-সুবিধাৰ আগতীয়া প্ৰস্তুতিৰো বুজ লোৱা হয়। তদুপৰি স্বাস্থ্য শিৱিৰ, পশু চিকিৎসা শিৱিৰ, পশু খাদ্য যোগান ইত্যাদি বিষয় সমূহ বিতংভাৱে পৰ্যালোচনা কৰা হয়। তদুপৰি বিদ্যুতৰ তাঁৰ আৰু ট্ৰান্সফৰমাৰ সমূহ নিৰীক্ষণ কৰাৰ বাবেও এপিডিচিএলক কোৱা হয় যাতে বানপানীৰ সময়ত কোনো অবাঞ্চিত দুৰ্ঘটনা সংঘটিত নহয়। আাজিৰ বৈঠকত সমাজ কল্যাণ বিভাগৰ পৰা ‘বেটি বচাওঁ, বেটি পঢ়াও’ কাৰ্যসূচীৰ সজাগতাৰ দিশত ইতিমধ্যে সম্পাদন কৰা কাৰ্যসূচী আৰু ভৱিষ্যতে লবলগীয়া পৰিকল্পনা সামৰি এক বিস্তৃত প্ৰেজেন্টেশ্যন আগবঢ়োৱা হয়। বৈঠকত কামৰূপ জিলাৰ অৰ্থনৈতিক আৰু পৰিসংখ্যা বিভাগৰ দ্বাৰা তেওঁলোকৰ

কৰ্মৰাজিৰ সৱিশেষ দাঙি ধৰি এক প্ৰেজেন্টেশ্যন আগবঢ়োৱা হয়। তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰাও জল জীৱন মিশ্যন তথা স্বচ্ছ ভাৰত (গ্ৰামীণ)ৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি প্ৰেজেন্টেশ্যন প্ৰদান কৰা হয়। বৈঠকত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বিপন বৰ্মন, সহকাৰী আয়ুক্ত নিশামণি কলিতাকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া সকলে অংশ লয়।

Leave A Reply

Your email address will not be published.