ashomiyapatrika.com

মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি ৰূপায়নঃ কামৰূপ মহানগৰ জিলাত ৩,৫৯১ গৰাকীক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান

0 29

গুৱাহাটীঃ অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ তৃতীয় বৰ্গৰ অন্তৰ্ভুক্ত কামৰূপ মহানগৰ জিলাৰ ঋণী সকলক আজি ঋণমুক্তিৰ প্ৰমাণ পত্ৰ (No Dues Certificate) বিতৰণ কৰা হয়৷ এই উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই৷ সভাখনৰ আদৰণি ভাষণত জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই জনায় যে ২০২১ চনৰ ৩১ মাৰ্চলৈকে যিসকল ঋণীৰ একাউন্ট এন পি এ হৈ আছে, তেওঁলোকক সকাহ দি এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে ৷ পঁচিশ হেজাৰ টকালৈকে অনাদায় মূলধন পৰিমাণৰ এন পি এ একাউন্ট থকা ঋণীসকলক

অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাত মুঠ ৩,৫৯১ গৰাকী হিতাধিকাৰী এই প্ৰমাণপত্ৰ পাবৰ বাবে বাছনিভুক্ত হৈছে৷ আজিৰ সভাত ১০গৰাকী হিতাধিকাৰীক মঞ্চত আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ বাকীসকলক সভাৰ অন্তত প্ৰমাণপত্ৰ দিয়া হয়৷ সভাত ভাষণ দি মন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্য চৰকাৰখনে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নতিৰ বাবে আঁচনি গ্ৰহণ কৰিছে৷ তেওঁ কয়, ‘ ৰাজ্যখনৰ প্ৰত্যেক খন গৃহস্থীৰে সৈতে সম্পৰ্ক গঢ়ি উঠা এনে কোনো ৰাজ্য চৰকাৰ ভাৰতবৰ্ষত নাই৷’ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰথমখন কেবিনেটৰ প্ৰথমটো সিদ্ধান্তই মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কীয়

আছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ আজি ঋণ নথকাৰ প্ৰমাণ পত্ৰ লাভ কৰা মহিলাসকলক উদেশ্যি তেওঁ কয়, ‘এই প্ৰমাণ পত্ৰই আপোনালোকৰ ঘৰলৈ শান্তি আনিব৷ ঋণমুক্ত হোৱাৰ আনন্দ দিব৷ ধাৰৰ বোজাৰ পৰা আপোনালোক আজি মুক্ত হ’ল৷’ ৰাজ্য চৰকাৰে ৰাইজৰ স্বাস্থ্যবীমাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বিষয়ে সদৰি কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী মহন্তই কয়, ‘যিসকল দৰিদ্ৰ লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকে অহা ডিচেম্বৰত কাৰ্ড পাব৷ ৰেচন কাৰ্ডত বিনামূলীয়া চাউল দিয়াৰ লগতে পৰিয়ালটোৰ সদস্যসকলক পাঁচ লাখ টকাৰ স্বাস্থ্য বীমাও দিয়া হৈছে৷ অসম চৰকাৰৰ কৰ্মচাৰীক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নিৰিখত চিকিৎসা সাহায্য

দিয়াৰ পদক্ষেপ লোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে ‘সকলোৰে বাবে স্বাস্থ্য’ৰ সপোন দিঠকত পৰিণত কৰি অসমৰ ৯০ শতাংশ লোকক স্বাস্থ্য বীমাৰ অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ লোৱা হৈছে৷’ সভাখনত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো ভাষণ দিয়ে৷ সভাত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল আৰু কেবা হেজাৰ ৰাইজ উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.