ashomiyapatrika.com

দিল্লী চৰকাৰক উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক বিভাগ গঠন কৰিবলৈ প্ৰস্তাৱ

0 29

উত্তৰ-পূৱৰ লগতে অসমতো লোকসভা নিৰ্বাচনত অবতীর্ণ হোৱাৰ সিদ্ধান্তঃ গঠন হ’ব উত্তৰ-পূৱ সমন্বয়ৰক্ষী সমিতি

গুৱাহাটীঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ লগতে উত্তৰপূৱ ভাৰতৰ সংস্কৃতিৰ আঁসোরাহ পূর্ণ উপস্থাপনত ৰাজ্যজুৰি বিতৰ্কৰ অৱতাৰণা হোৱাৰ সময়তে আপ অসমে গ্ৰহণ কৰিছে এক আদৰণীয়। পদক্ষেপ৷ ১৫ অক্টোবৰত আম আদমি পাটীৰ উঃপূঃ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ নেতৃত্বত আপ উঃ পূঃ ৰাজ্যসমূহৰ সভাপতি সকলৰ সৈতে হোৱা এক গুৰুত্বপূর্ণ বৈঠকত এই বিষয়ে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ সৈতে আলোচনা কৰে৷ দিল্লীত উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক বিভাগৰ প্ৰস্তাৱ সম্পৰ্কে আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে এইয়া অসমৰ লগতে সতভনীৰ বাবে এক এৰাব নোৱাৰা বিষয়৷ ৰাষ্ট্ৰীয়

প্ৰেক্ষাপটত অসম আৰু উত্তৰপূৱৰ কলাসংস্কৃতিৰ উপযুক্ত উপস্থাপনৰ এক দীৰ্ঘদিনীয়া প্রয়োজনীয়তা আছিল৷ অসমৰ লগতে কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পিছতো জি২০ ৰ অধিবেশনত অসমীয়াৰ হিয়াৰ আমঠু কিছু নাচৰ যি নিন্দনীয় উপস্থাপন কৰালে তেনে অক্ষমণীয় ভুল আৰু দুনাই নহ’বলৈ বদ্ধপৰিকৰ আপ অসম৷ ডাঃ ভবেন চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি আগন্তুক সকলো নির্বাচনতে আম আদমি পার্টীয়ে প্রতিদ্বন্দ্বীতা। আগবঢ়ার এই বৈঠকতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমত আপৰ অংশগ্ৰহণৰ বাবে আসন সম্পৰ্কীয় আলোচনাৰ স্বতন্ত্ৰতা প্ৰদান কৰে আপ অসমক। উত্তৰ পূৱ ভাৰতত আম আদমি পাৰ্টীৰ ভেটি

সুদৃঢ় কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে অৰবিন্দ কেজৰীৱালে৷ নৱেম্বৰত মিজোৰাম বিধানসভা নিৰ্বাচন, ২০২৪ ৰ মে’ মাহৰ অৰুণাচল প্রদেশ বিধানসভা নির্বাচন, অসমৰ পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আপ উত্তৰ পূৰ্বাঞ্চল সমন্বয়ৰক্ষী সমিতি গঠনৰ নিৰ্দেশ দিয়ে অৰবিন্দ কেজৰীৱালে৷

Leave A Reply

Your email address will not be published.