আৰক্ষীৰ খাকী পোছাকত দাগ লগাই বকোত গ্ৰেপ্তাৰ ঘোচখোৰ এ এছ আই মুকুট আলী
বকোঃ পুনৰ অসম আৰক্ষীৰ পোছাকত দাগ লগালে এগৰাকী এ এছ আই এ। কামৰূপ জিলাৰ বকো আৰক্ষী থানাত কৰ্মৰত সহকাৰী আৰক্ষী উপ – পৰিদৰ্শক মুকুট আলীক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ। প্ৰাপ্ত তথ্য অনুসৰি এগৰাকী মহিলাৰ পৰা কেছ ডায়েৰী লিখাৰ বাবে উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী উপ পৰিদৰ্শক মুকুট আলীক। উল্লেখ্য যে অভিযোগকাৰী মহিলা গৰাকীৰ জেলত থকা স্বামীৰ কেছ ডায়েৰীৰ বাবে ধন খোকোৱা সহকাৰী উপ পৰিদৰ্শক মুকুট আলীয়ে বকো আৰক্ষী থানাৰ সন্মুখতে থকা চাহ দোকান এখনৰ দোকানী ফণি দাসৰ জৰিয়তে ৩ হেজাৰ টকা উৎকোচ বিচাৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে
উৎকোচ বিচৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী দুৰ্নীতি নিৱাৰক শাখাক অৱগত কৰে। ইফালে আজি মহিলা গৰাকীৰ সৈতে দুৰ্নীতি নিবাৰকৰ দলটোৱে খোকোৱা সহকাৰী উপ পৰিদৰ্শক মুকুট আলীয়ে বিচৰা ধন কৌশলগত ভাৱে দোকানী জনৰ জৰিয়তে দিয়ে। ইয়াৰ পিছতে ফোনৰ বাৰ্তালাপ আৰু চাহ দোকানী জনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মুকুট আলীক। মুখ্যমন্ত্ৰীৰ দূৰ্ণীতি নিবাৰকৰ দলটোৱে মুকুট আলীৰ বকোৰ পাখাৰাপাৰাস্থিত ভাড়াতীয়া ঘৰতো অভিযান চলাই। আজি দিনৰ প্ৰায় ১১ বজাৰ পৰা বৰ্তমানেও সহকাৰী উপ পৰিদৰ্শক মুকুট আলীক সোধা-পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিৱাৰকৰ দলটোৱে। ঘটনাৰ সবিশেষ তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।