বকো জে এন কলেজৰ মেধাৱী ছাত্ৰী শ্বেহনাজ আহমেদৰ অকাল বিয়োগত মৰ্মাহত লগৰীয়া আৰু বৌদ্ধিক সমাজ
বকোঃ মানৱ সম্পদ হিচাপে পূৰ্ণতা লাভ কৰিবলৈ আৰু কেইটামান দিন বাকী থকা সময়তে জীৱন নাটক সামৰিলে কামৰূপ জিলাৰ বকোৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।ছাত্ৰী গৰাকী হ’ল বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বৰ্ষৰ শ্বেহনাজ আহমেদ। প্ৰাপ্ত তথ্য অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত ঘিলাবাৰী গাওঁৰ আব্দুল মান্নান আৰু ছেফাতুন নেচাৰ জীয়ৰী প্ৰায় ২৩ বছৰীয়া শ্বেহনাজ আহমেদ আছিল এগৰাকী মেধা সম্পন্ন ছাত্ৰী। ছাত্ৰী গৰাকীৰ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎস্যালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎস্যাৰ বাবে পৰামৰ্শ দিয়ে। সেয়ে পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত
ভৰ্তি কৰে। ইফালে শ্বেহনাজৰ খুড়াক ৰমজান আলীয়ে জনোৱা মতে ছাত্ৰী গৰাকীৰ কৰ্কত ৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎস্যকে জনায় আৰু উন্নত চিকিৎস্যাৰ ব্যৱস্থা কৰি থকা অৱস্থাতে যোৱা কালি শেষ নিশ্বাস ত্যাগ কৰে। ইফালে শ্বেহনাজৰ অকাল মৃত্যুত লগৰীয়াৰ লগতে আত্মীয় স্বজনে গভীৰ শোক প্ৰকাশ কৰে। অঞ্চলটোৰ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়।