ashomiyapatrika.com

আজি চতুৰ্থ দিনাও জিলা পৰ্যায়ৰ বিক্ষোভ অব্যাহত

0 40

গুৱাহাটীঃ চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকাৰ মাননি ১২ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী জাননী মতে এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুয়েটি আদায় দিয়া আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আদিৰ দাবীত দহ দিন ধৰি চি আই টি ইউৰ অন্তভূক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেতৃত্বত ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী অব্যাহত আছে। যোৱা ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ সমগ্ৰ ৰাজ্যতে প্ৰকল্পই প্ৰকল্পই কৰ্মী-সহায়িকাই কেন্দ্ৰৰ কামৰ পৰা বিৰত থাকি অসহযোগ কাৰ্যসূচীৰ মাধ্যমেৰে ৭ অক্টোবৰত বিভাগীয়

বিষয়াৰ দ্বাৰা মন্ত্ৰীলৈ উল্লেখিত দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু পৰিতাপৰ বিষয়যে আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত ন’ললে। সেয়ে সমগ্ৰ ৰাজ্যতে সন্থাৰ জিলা কমিটিসমূহৰ উদ্যোগত যোৱা ৯ অক্টোবৰৰ পৰা প্ৰতিখন জিলাৰ মহিলা আৰু শিশু কল্যান বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত অসহযোগ কাৰ্যসূচী ধাৰাবাহিক ভাবে চলাই আছে। আজি দশম দিনাও ৰাজ্যখনৰ হাজাৰ হাজাৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাই আইন অনুসৰি প্ৰাপ্য মজুৰি আৰু চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আদি শ্লোগান দি ফ্লেগ, ফেষ্টুন আৰু বেনাৰ লৈ প্ৰতিখন জিলাৰ মহিলা আৰু শিশু কল্যান বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখৰ

পৰিবেশ উত্তাল কৰি তোলে। একেদৰে গুৱাহাটীৰ বেলতলাস্থিত মহিলা আৰু শিশু কল্যান বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত কামৰূপ মহানগৰ জিলাৰ অৰ্দ্ধসহস্ৰাধিক কৰ্মী-সহায়িকাই পুৱা ১০ বজাৰ পৰা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিক্ষোভ কাৰ্যসূচীত উপস্থিাত থাকে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰ। বৰ্তমানৰ চৰকাৰ আৰু বিভাগীয় বিষয়াই আন্দোলনকাৰী সকলৰ প্ৰতি দেখুওৱা আওকণীয়া মনোভাৱক তীব্ৰ গৰিহনা জনায় কয় যে চৰকাৰে হিতাধিকাৰীৰ সৃষ্টিৰে ভোট বেংকৰ স্বাৰ্থত ৰাজকোষৰ ধন বিতৰণ কৰি আছে কিন্তু আইন অনুসৰি পাবলগা মজুৰি দিবলৈ অস্বীকাৰ

কৰি আছে ৰাজ্যখনত থকা এক লাখ সোতৰ হাজাৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক। আজিও ৰাজ্য চৰকাৰৰ তীব্ৰ শোষনৰ বলি হৈ আছে অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সকল। উল্লেখযোগ্য যে আজি দশম দিন অতিক্ৰম হৈ য়োৱাৰ পিছতো চৰকাৰে আন্দোলনকাৰীৰ সৈতে আলোচনা কৰি বিষয়বোৰ মীমাংসা কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। অঙ্গনৱাড়ী কৰ্মী-সহায়িকাই কৰা গণতান্ত্ৰিক অসহযোগ কাৰ্যসুচী দমন কৰাৰ অপচেষ্টাত লিপ্ত হৈছে বিভাগীয় বিষযাই। অঙ্গনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতি চৰকাৰ তথা বিভাগীয় বিষয়াৰ এই ধৰণৰ উদাসীনতাক অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ

সম্পাদিকা ইন্দিৰা নেৱাৰে লগতে ঘোষণা কৰে যে উল্লেখিত দাবীসমূহ ১৪ অক্টোবৰৰ ভিতৰত চৰকাৰে আন্দোলনকাৰীৰ সৈতে আলোচনা কৰি বিষয়বোৰ মীমাংসা নকৰিলে ধাৰাবাহিকভাৱে অসহযোগ কাৰ্যসুচী চলাই থাকিব৷

Leave A Reply

Your email address will not be published.